২৪ ঘন্টাৰ ভিতৰত ১০ লাখ পেলেষ্টাইনীক গাজাৰ উত্তৰাঞ্চল এৰি যোৱাৰ নিৰ্দেশ দিলে ইজৰাইলে

ফটোঃ সংগ্ৰহীত।

অৱৰুদ্ধ গাজা ষ্ট্ৰিপৰ উত্তৰাঞ্চলত থকা ১০ লাখৰো অধিকপেলেষ্টাইনীক ২৪ ঘণ্টাৰ ভিতৰত গুচি যাবলৈ নিৰ্দেশ দিছে দখলদাৰী ইজৰাইলে। দেশখনৰ সামৰিক বাহিনীৰ তৰফৰ পৰা ৰাষ্ট্ৰসংঘক এই কথা জনোৱা হৈছে।

ৰাষ্ট্ৰসংঘৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, গাজাৰ জনসংখ্যাৰ প্ৰায় আধা উত্তৰ অংশত বাস কৰে। অৱশ্যে ইজৰাইলৰ এই আদেশ বাতিল কৰিবলৈ ৰাষ্ট্ৰসংঘই সৰ্বাত্মক চেষ্টা চলাই আছে।

ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে কয় যে ইজৰাইলৰ এই পদক্ষেপে গাজাত চলি থকা সংঘাতক অধিক যন্ত্ৰণাদায়ক পৰিস্থিতিলৈ ৰূপান্তৰিত কৰিব পাৰে। ইজৰাইলে গাজাৰ বিদ্যালয় আৰু স্বাস্থ্য কেন্দ্ৰ তথা ক্লিনিকৰ কৰ্মচাৰীকে ধৰি ৰাষ্ট্ৰসংঘৰ সকলো কৰ্মচাৰীক আঁতৰাই নিবলৈ আহ্বান জনাইছে।

লগতে পঢ়কঃ ২১২ জন ভাৰতীয়ক লৈ নতুন দিল্লীত অৱতৰণ কৰিলে ‘অপাৰেচন অজয়’ৰ প্ৰথমখন বিমান

গাজা ষ্ট্ৰিপৰ উত্তৰ অংশত মূল গাজা চহৰ, জাবালিয়া শৰণাৰ্থী শিবিৰ, বেইট লাহিয়া আৰু বেইট হানৌন অঞ্চল অন্তৰ্ভুক্ত হৈ আছে।

গাজাৰ বাসিন্দাসকল ইজৰাইলৰ চৰম নিৰ্মমতাৰ বলি হৈছে । শিশু আৰু মহিলাকো দখলদাৰী বাহিনীৰ পৰা ৰেহাই পোৱা নাই। এতিয়ালৈকে বিগত ছয় দিনত অবিৰত আক্ৰমণত ১৫৩৭ জন পেলেষ্টাইনী লোক নিহত হৈছে। ইয়াৰ ভিতৰত আছে ৫০০ টা শিশু আৰু ২৭৬ গৰাকী মহিলা। তদুপৰি, আহত হয় ৬,৬১২ জন লোক।

লগতে পঢ়কঃ নতুন প্ৰতিবেদনৰ দাবীঃ বিদেশৰ পৰা কয়লা আমদানিৰ খৰচ বৃহৎ হাৰত বঢ়াই দেখুৱাই বিপুল মুনাফা লুটিছে আদানীয়ে!

ইজৰাইলৰ দখলদাৰী বাহিনীয়ে কেৱল আক্ৰমণ কৰাতে থমকি ৰোৱা নাই। তেওঁলোকে লগতে গাজালৈ খাদ্য যোগান, বিদ্যুৎ আৰু ইন্ধনো কৰ্তন কৰিছে। পণবন্দীসকলক মুকলি কৰি নিদিয়ালৈকে এইবোৰৰ একোৱে গাজালৈ সৰবৰাহ নকৰাৰ হুংকাৰ দিছে। ইয়াৰ ফলত গাজাত মানৱীয় সংকট গভীৰ হৈ আহিছে।