NORTHEAST NOW (Assamese)

আজিৰে পৰা কৃষ্ণাইত বিশাল ইস্তেমা:পাঁচ লাখ ভক্তক আদৰিবলৈ সাজু হাব্ৰাঘাটবাসী

January 18, 2019 7:03 am · নীলমনি শর্মা
কৃষ্ণাইত বিশাল ইস্তেমাৰ প্ৰস্তুতি। ফটো : নৰ্থইষ্ট নাও

গোৱালপাৰা জিলাৰ কৃষ্ণাইত আয়োজন কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বিশাল ইস্তেমাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷ উল্লেখ্য যে, আজিৰে পৰা  ২০ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই ইস্তেমা ৷

গোৱালপাৰা জিলাভিত্তিক এই ধৰ্মীয় সভাখনৰ বাবে ইতিমধ্যে কৃষ্ণাই চহৰৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ আঁতৰত অৱস্থিত খাৰিজা মাণিকপুৰ (হাব্ৰাঘাট)ৰ বিশাল খেতিপথাৰত নিৰ্মাণ কৰি তোলা হৈছে কেবাটিও অস্থায়ী সভাগৃহ ৷ সাজু কৰা হৈছে প্ৰায় এক লাখ লোক একেলগে বহি ধৰ্ম সভা শুনাৰ স্থান ৷

আনহাতে,ইস্তেমাস্থলীত তৈয়াৰ কৰা হৈছে এখন সুবিশাল মঞ্চ ৷ প্ৰায় পাঁচ লাখ ভক্ত প্ৰাণ মুছলমান লোকে অংশ গ্ৰহণ কৰিব বুলি আশা কৰা ইস্তেমাস্থলীত ইতিমধ্যে বহুওৱা হৈছে ৬০ টাৰো অধিক দমকল, ৩৫০টাৰো অধিক শৌচালয় তৈয়াৰ কৰা হৈছে আৰু সহস্ৰাধিক প্ৰসাৱগাৰ নিৰ্মাণ কৰা হৈছে ৷

তদুপৰি,ৰান্ধনিশাল,নামাজগৃহ,উজুখানা,অতিথি শালা,চিকিৎসা কক্ষ,অনুসন্ধান কক্ষ,প্ৰেছ গেলাৰীকে ধৰি সকলো প্ৰয়োজনীয় ব্যৱস্থা গঢ়ি তোলা হৈছে ৷

লক্ষীপুৰ,গোৱালপাৰা, কৃষ্ণাই তথা দক্ষিণ শালমাৰা এই চাৰিটা জ’নত ভাগ কৰি প্ৰতিদিনে হেজাৰ হেজাৰ লোকে বিনামূলীয়া শ্ৰমদান কৰি ইস্তেমাৰ যাৱতীয় কাম কাজ ইতমধ্যে সম্পূৰ্ণ কৰি তুলিছে ৷

ইপিনে, ভ্ৰাতৃত্ববোধৰ বাণীৰে আয়োজিত এই ইস্তেমাস্থলীত আজিৰে পৰা গভীৰ আশাবাদেৰে সমবেত হ’ব ধৰিছে সমগ্ৰ জিলাখনৰ লগতে দূৰ দূৰণিৰ মুছলমান জনসাধাৰণ ৷

Related News