• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত শিল্পী দিৱসত ৰূপকোঁৱৰক স্মৰণ : প্ৰবীণ নাট্যশিল্পী জ্ঞানদা বৰাক শিল্পী বঁ‌টা প্ৰদান

NE NOW NEWS মিণ্টু দাস
নগাঁও , January 18, 2019 7:40 am

2 min read

dae0366e-f514-4b63-9c5d-ef7b2c267d10

নগাঁৱত আয়োজন কৰা শিল্পী দিৱসৰ অনুষ্ঠান। ফটো : নৰ্থইষ্ট নাও

479
VIEWS
Share on FacebookShare on Twitter

শিল্পী দিৱসত বৃহস্পতিবাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক নগাঁও জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত সোঁৱৰণ কৰা হয়। নগাঁও জিলা সাহিত্য সভা, সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতি আৰু মাৰোৱাৰী সন্মিলনৰ উদ্যোগত নগাঁও চহৰৰ ঢাকাপট্টিস্থ ৰূপকোঁৱৰৰ আৱক্ষ মূৰ্তিৰ কাষত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

শিল্পীগৰাকীৰ আৱক্ষ মূৰ্তিত পুৱা মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ভোগালী বিহু উদযাপন সমিতিৰ সভাপতি ডঃ নৰেন কলিতা, কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মা, অসম সাহিত্য সভাৰ সম্পাদক যতীন্দ্ৰ নাথ সুত, নগাঁও জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি নিত্যানন্দ বৰা, মাৰোৱাৰী সন্মিলনৰ নগাঁও শাখাৰ সভাপতি পৱন কুমাৰ গাৰোডিয়া আদি বিশিষ্ট লোকসকলে৷

শিল্পী দিৱস উপলক্ষে  অনুষ্ঠিত অনুষ্ঠানত  ডঃ নৰেন কলিতা, বিধায়ক ৰূপক শৰ্মাকে প্ৰমুখ্যে কৰি কেইবাগৰাকীও ব্যক্তিয়ে ভাষণ দিয়ে। নগাঁও জিলা সাহিত্য সভাৰ সাংস্কৃতিক উপসমিতিয়ে পৰিবেশন কৰা ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত কেইবাটাও জ্যোতিসংগীত পৰিবেশন কৰা হয়।

ইপিনে, শংকৰজ্যোতি সাহিত্য সভা, অৰুণোদই সাংস্কৃতিক সমাজৰ উদ্যোগত  মাজৰআটি গাঁৱত দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয়। পুৱা সমূহীয়া চাফাই অভিযানৰ পিছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে গোপেশ্বৰ বৰা আৰু পূৰ্ণদা বৰাই। দিনৰ ১০ বজাৰ পৰা জ্যোতি সংগীত আবৃত্তি প্ৰতিযোগীতা অনুষ্ঠিত হয়।

আনহাতে, আবেলি অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰি শিক্ষাবিদ দেবেশ্বৰ গোস্বামীয়ে কয় যে জ্যোতিপ্ৰসাদ আগৰৱালা এগৰাকী প্ৰগতিশীল চিন্তা নায়ক আছিল। তেওঁ অসমৰ সাংস্কৃতিক পথাৰখন জীপাল কৰি থৈ গৈছে। তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অসমীয়া জাতিক শক্তিশালী কৰিবলৈ নৱপ্ৰজন্মক গোস্বামীয়ে আহ্বান জনায়।

সভাত অসম সাহিত্য সভাৰ সম্পাদক যতীন্দ্ৰ নাথ সুতকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।  অনুষ্ঠানত স্থানীয় শিল্পী ঘনকান্ত বৰুৱা, আদিৰাম বৰা আৰু নৰেন বৰাক আদৰণি জনোৱা হয়। সভাতেই শিল্পী গুণ শইকীয়া, প্ৰতিভা দেবী, অনিমা শৰ্মা বৰুৱা আৰু গম্ভীৰ নাথ আদিয়ে গীত পৰিৱেশন কৰে।

আনহাতে, এই অনুষ্ঠানকেইটাই প্ৰতি বছৰে আগবঢ়োৱা শিল্পী বঁ‌টা এইবাৰ নটসূৰ্য বঁ‌টা বিজেতা তথা প্ৰবীন নাট্যশিল্পী জ্ঞানদা বৰালৈ আগবঢ়োৱা হয়। ইয়াৰ উপৰি সদৌ নগাওঁ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে জ্যোতিপ্ৰসাদৰ জন্মদিন উদযাপন কৰে।

Recent News

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd