NORTHEAST NOW (Assamese)

একেৰাহে তিনিটি কন্যা সন্তান জন্ম দিয়াই অপৰাধ!  পেট্ৰল ঢালি পত্নীক জ্বলাই দিলে স্বামীয়ে

December 29, 2024 12:48 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

একেৰাহে তিনিটা কন্যা সন্তান জন্ম দিয়াই কাল হ’ল এগৰাকী মহিলাৰ। পুত্ৰ সন্তান জন্ম নোহোৱাৰ বাবেই পত্নীৰ গাত পেট্ৰল ঢালি জুই লগাই দিলে পাষাণ স্বামীয়ে।

যোৱা বৃহস্পতিবাৰে মহাৰাষ্ট্ৰত সংঘটিত হৈছে এই ৰোমহৰ্ষক ঘটনা। মুম্বাইৰ পৰা প্ৰায় ৫২০ কিলোমিটাৰ নিলগৰ পাৰবাণী জিলাৰ এখন গাঁৱত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে ঘটনাৰ অভিযুক্তৰ নাম কুণ্ডিক উত্তম কালে। ৩০ বছৰীয়া কুণ্ডিকৰ বিয়া হৈছিল মাইনা নামৰ এগৰাকী যুৱতীৰ সৈতে।

মাইনাৰ ভগ্নীয়ে দাবী কৰা মতে একেৰাহে তিনিটা কন্যা সন্তান জন্ম দিয়াৰ বাবেই তেওঁক জ্বলাই দিয়া হ’ল। ভগ্নীয়ে লগতে দাবী কৰে যে কন্যা সন্তান জন্ম হোৱাৰ বাবে ইয়াৰ পূৰ্বেও মহিলাগৰাকীক স্বামীয়ে মাৰপিট কৰিছিল।

জানিব পৰা মতে, ঘটনাৰ পিছত অগ্নিদগ্ধ মহিলাগৰাকী ৰাস্তালৈ ওলাই আহে। ইতিমধ্যে মহিলাগৰাকীৰ গোটেই শৰীৰটো জ্বলি যায়। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাতেই তেওঁৰ মৃত্যু হয়।

ইপিনে আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত স্বামীক। আৰক্ষীৰ জিম্মাত ৰাখি তেওঁক সোধ-পোচ আৰক্ষীয়ে।

Related News