“এগৰাকী প্ৰধানমন্ত্ৰীৰ নিজৰ দেশৰ স্বৰ্ণিল ইতিহাস আৰু দেশৰ স্বাধীনতা সংগ্ৰামৰ সম্যক ধ্যান ধাৰণা নথকাটো দেশৰ গণতন্ত্ৰৰ বাবে লজ্জাজনক” – ৰিপুণ বৰা

এবিপি নিউজত জাতিৰ পিতা মহাত্মা গান্ধীৰ বিৰুদ্ধে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই কৰা লজ্জাজনক মন্তব্যৰ বিৰুদ্ধে স্বোচ্ছাৰ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ দল। উক্ত বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই সংবাদমাধ্যমক দিয়া এক বাৰ্তাত নিজৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই এ.বি.পি. নিউজত দিয়া এক সাক্ষাৎকাৰত মহামানৱ মহাত্মা গান্ধীক বিশ্ববাসীৰ আগত ‘ৰিচাৰ্ড এটেনবৰ’ৰ “গান্ধী” চিনেমাখনৰ যোগেদিহে পৰিচিত কৰি দিছে বুলি কৰা মন্তব্য অতি দুৰ্ভাগ্যজনক। মোডী ডাঙৰীয়াৰ এই মন্তব্যই কেৱল জাতিৰ পিতা মহাত্মা গান্ধীকেই অপমানিত কৰা নাই, সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱময় ইতিহাস, বিশ্ববিখ্যাত স্বাধীনতা সংগ্ৰাম আৰু গান্ধীজীৰ আদৰ্শত স্বাধীনতা আন্দোলনত জড়িত হৈ পৰা লাখ লাখ স্বতন্ত্ৰ সেনানীৰ ত্যাগক অপমানিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এনে মন্তব্যই বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ যে নিজৰ দেশৰ ইতিহাস সম্পৰ্কে কোনো ধ্যান ধাৰণা নাই এই কথাই প্ৰমাণ কৰিছে। মোডীৰ এই মন্তব্যই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ আসনখনৰ মৰ্য্যদা সমগ্র বিশ্ববাসীৰ আগত ম্লান কৰি পেলালে।

বিশ্ব ইতিহাসৰ বিভিন্ন মুক্তিকামী আন্দোলনৰ ভিতৰত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন এক দীৰ্ঘতম আন্দোলনেই নহয়, অহিংসা পদ্ধতিৰে দীৰ্ঘদিন ধৰি এক গণ আন্দোলনৰ যোগেদি কোনোদিন বেলিমাৰ নোযোৱা সাম্ৰাজ্যৰ অধিকাৰী ব্ৰিটিছৰ দুশ বছৰীয়া শাসনক গান্ধীজীৰ নেতৃত্বত ওফৰাই ভাৰতক স্বাধীন কৰা ইতিহাস গান্ধীজীৰ জীৱিত কালতেই সমগ্র বিশ্বতে সমাদৃত হৈছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আমি প্ৰশ্ন কৰিব খোজো যে, যদি গান্ধীজীক বিশ্ববাসীয়ে চিনিয়েই পোৱা নাছিল তেন্তে “ৰিচাৰ্ড এটেনবৰ”ৰ দৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচ্চিত্ৰ নিৰ্মাতাই কেনেকৈ মহাত্মা গান্ধীৰ ওপৰত চিনেমা নিৰ্মাণ কৰিবলৈ অনুপ্ৰাণিত হৈছিল? “মাৰ্টিন লুথাৰ কিং”ক আমেৰিকাৰ “গান্ধী” বুলি আমেৰিকা বাসীয়ে আৰু “নেলছন মেণ্ডেলা”ক আফ্ৰিকাৰ “গান্ধী” বুলি আফ্ৰিকা বাসীয়ে কিয় অভিহিত কৰিছিল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই যি গৰাকী গান্ধীজীৰ কথা কৈছে, সেই গৰাকী জাতিৰ পিতা মহাত্মা গান্ধীক আৰ এছ এছৰ কৰ্মী ‘নাথুৰাম গডছে’য়ে গুলিয়াই হত্যা কৰা নাছিল জানো? সেই নাথুৰাম গডছেকেই আৰ এছ এছ-য়ে শ্বহীদ ঘোষণা কৰি পূজা কৰা নাই জানো? সেই আৰ এছ এছৰ কথা মতেই উঠা-বহা কৰা প্ৰধানমন্ত্ৰী় মোডীৰ অনুগত আৰু তেওঁৰ দলৰ সাংসদ সাদ্ধী প্ৰজ্ঞাই পৰৱৰ্তী কালত মহাত্মা গান্ধীৰ জন্মদিনত তেখেতৰ প্ৰতিচ্ছবিত গুলিয়াবলৈ ক’ত আৰু কাৰ পৰা সাহস পাইছিল?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ভাৰতৰ স্বৰ্ণিল ইতিহাস বিকৃত কৰি এ.বি.পি নিউজত গান্ধীজীৰ বিষয়ে কৰা মন্তব্যই ১৪৫ কোটি ভাৰতীয়ক অপমান কৰাই নহয় সমগ্র বিশ্ববাসীৰ ওচৰত আমাৰ দেশক হেয় প্ৰতিপন্ন কৰিছে। ইয়াৰ বাবে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী জনাইছোঁ।’