NORTHEAST NOW (Assamese)

দেশবাসীয়ে অলিম্পিকত স্বৰ্ণ জয়ৰ আশা দেখা সহজ, অৰ্জন কৰাটো কঠিন : মেৰীকম

August 2, 2019 11:00 am · এন ই নাও নিউজ
ফাইল ফটো

আগন্তুক অলিম্পকত মোৰ পৰা দেশবাসীয়ে স্বৰ্ণ জয় কৰাৰ যি আশা দেখিছে সেয়া সহজ কিন্তু সাৰ্থক ৰূপ দিয়াটো সহজ নহয়। এই মন্তব্য ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ তথা সদ্য সমাপ্ত প্ৰেছিডেণ্টছ কাপত স্বৰ্ণ জয় কৰা বক্সাৰ মেৰীকমৰ।

দেশবাসীয়ে আশা কৰা স্বৰ্ণ পদকটো অৰ্জনৰ বাবে সৰ্বতোপ্ৰকাৰৰ চেষ্টা চলাব বুলিও বক্সাৰ গৰাকীয়ে উল্লেখ কৰে।

‘আগন্তুক অলিম্পিকত দেশবাসীয়ে স্বৰ্ণ আশা কৰিছে। ব্যক্তিগতভাৱে, দেশবাসীৰ এনে আশাক লৈ মই গৌৰৱ অনুভৱ কৰিছো। এনেধৰণৰ আশা কৰাটো দেশবাসীৰ বাবে সহজ কিন্তু বাস্তৱত ৰূপ দিয়াটো ইমান সহজ নহয়। দেশবাসীৰ আশা পূৰ্ণ কৰাৰ বাবে মই সম্পূৰ্ণ চেষ্টা কৰিম’। এই মন্তব্য মেৰীকমৰ।

লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ মেডেলিষ্ট মেৰীয়ে কয় যে তেওঁ এখোজ এখোজকৈ আগবাঢ়িব বিচাৰে। এই মূহুৰ্তত অলিম্পিকত যোগ্যতা অৰ্জনেই তেওঁৰ একমাত্ৰ লক্ষ্য বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰে।

ইফালে ৪৮ কেজিৰ বিপৰীতে ৫১ কেজি শাখাই তেওঁৰ খেলত বিশেষ প্ৰভাৱ পেলোৱা নাই বুলিও কয়।

Related News