NORTHEAST NOW (Assamese)

দেখাত ফিংগাৰ প্ৰিন্ট যদিও এয়া আচলতে ফিংগাৰ প্ৰিন্ট নহয়। তেন্তে কি?

June 4, 2023 12:04 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 4, 2023 12:10 pm

বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে হাজাৰ হাজাৰ দ্বীপ। এই দ্বীপসমূহৰ অধিকাংশই পৰ্যটনস্থলী বুলি গণ্য কৰা হয়। বহু ক্ষেত্ৰত মূল ভূখণ্ডত বাস কৰা বাসিন্দাসকলে ফুৰিবলৈ বা অৱসৰ বিনোদনৰ বাবে প্ৰকৃতিৰ অনন্য সৃষ্টি দ্বীপ সমূহলৈ যায়।

পৃথিৱীত কইছুমান দ্বীপ ইমানেই ধুনীয়া যে সেই দ্বীপসমূহৰ মুখ্য অৰ্থনীতি পৰ্যটন উদ্যোগৰ পৰাই আহে। মুঠতে প্ৰতিটো দ্বীপৰে কিছুমান নিজস্ব বৈশিষ্ট্য আছে, যিয়ে পৰ্যটকক আকৰ্ষণ কৰে।

আজি আমি এনে এটা দ্বীপৰ প্ৰসংগ উপস্থাপন কৰিম, যাৰ বিষয়ে হয়তো বহুতেই নাজানে। ক্ৰ’ৱেচিয়া নামৰ দেশখনত এনে এটা দ্বীপ আছে যিটো আকাশৰ পৰা এটা বিশাল আঙুলিৰ ছাপৰ দৰে দেখা যায়।

ডেইলী মেইলৰ এক প্ৰতিবেদন অনুসৰি আকাশৰ পৰা চালে বাভলজেনাক বা বালজেনাক নামৰ দ্বীপটো ডাঙৰ আঙুলিৰ ছাপৰ দৰে দেখা যায়। এড্ৰিয়াটিক সাগৰত অৱস্থিত এই দ্বীপটোৰ আয়তন ০.১৪ বৰ্গ কিলোমিটাৰ। মূলতঃ অণ্ডাকাৰ আকৃতিৰ দ্বীপটো শিলৰ দেৱালেৰে নিৰ্মাণ কৰা হৈছে। এই দেৱালবোৰ যদি একেলগে সংযুক্ত কৰা হয় তেন্তে ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২৩ কিলোমিটাৰ হ’ব।

ক্ৰ’ৱেচিয়াৰ ৰাষ্ট্ৰীয় পৰ্যটন ব’ৰ্ডে জনোৱা মতে কাপ্ৰিজে দ্বীপত বাস কৰা কৃষকসকলে এই দ্বীপটো খেতিৰ বাবে ব্যৱহাৰ কৰিছিল। মূলতঃ সেই কৃষকসকলেই দ্বীপটোক কৃষিযোগ্য কৰি তুলিছিল আৰু ডুমুৰ, নেমু, আঙুৰৰ দৰে ফলৰ খেতি কৰিছিল।

এনে ক্ষেত্ৰত প্ৰচণ্ড বতাহৰ পৰা ফলবোৰক ৰক্ষা কৰিবলৈ আৰু ভূমি বিভাজন কৰিবলৈ শিলৰ দেৱালসমূহ নিৰ্মাণ কৰা হৈছিল। জনা যায় যে এই দেৱালসমূহ অষ্টাদশ শতিকাতেই নিৰ্মাণ কৰা হৈছিল। এক বিশেষ প্ৰাচীন কৌশল ব্যৱহাৰ কৰি তেতিয়াৰ কৃষক সকলে এই দেৱালসমূহ নিৰ্মাণ কৰিছিল।

আজিৰ তাৰিখত এই দ্বীপত ফল-মূলৰ গছবোৰ নাই যদিও দেৱালবোৰ আছে। এই দ্বীপটোক ২০১৮ চনৰ পৰা সংৰক্ষণ কৰি ৰখা হৈছে আৰু ইউনেস্ক’ই ইয়াক “অস্পষ্ট সাংস্কৃতিক ঐতিহ্য”ৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। দ্বীপটোত বৰ্তমান কোনো স্থায়ী বাসিন্দা নাই যদিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকলে এই দ্বীপটো চাবলৈ আহে। উল্লেখ্য যে ক্ৰ’ৱেচিয়া চিবেনিক দ্বীপপুঞ্জৰ ২৪৯টা দ্বীপৰ ভিতৰত বালজেনাক নামৰ এই দ্বীপটো অন্যতম।

Related News