হিংসাত জ্বলিছে মণিপুৰ! ইম্ফলত আয়কৰ বিষয়াক বাসগৃহৰ পৰা টানি উলিয়াই আনি হত্যা

মণিপুৰত একপ্ৰকাৰ নিয়ন্ত্ৰণৰ বাহিৰত বুলি ক’ব পৰা পৰিস্থিতিত চলি থকা সংঘৰ্ষৰ মাজতে ৰাজধানী ইম্ফলত এজন আয়কৰ বিষয়াক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

শুকুৰবাৰে সন্ধিয়া আই আৰ এছ এছ’চিয়েশ্যনে কৰা এক টুইটৰ পিছতে এই ঘটনাৰ বাতৰি প্ৰকাশ পাইছে।

আই আৰ এছ এছ’চিয়েশ্যনে এক টুইটযোগে লিখিছে, “আই আৰ এছ এছ’চিয়েশ্যনে হিংসাৰ পৰিণতিত ঘটা ইম্ফলৰ কৰ সহায়ক লেটমিনথাং হাওকিপৰ মৃত্যুৰ ঘটনাক তীব্ৰ গৰিহনা দিছে।”

লগতে পঢ়ক: উত্তপ্ত মণিপুৰ! হিংসাত জড়িতৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবীত গুৱাহাটীতো মণিপুৰী ৰাইজৰ প্ৰতিবাদ

ইয়াত আৰু কোৱা হৈছে যে কোনো কাৰণ বা মতাদৰ্শই কৰ্তব্যৰত এজন নিৰীহ জনসেৱকক হত্যা কৰাটো ন্যায্যতা প্ৰদান কৰিব নোৱাৰে।

 কোৱা হৈছে, “এই কঠিন সময়ত আমাৰ ভাৱনা তেওঁৰ পৰিয়ালৰ সৈতে আছে”।

বাতৰি অনুসৰি, লেটমিনথাং হাওকিপ ইম্ফলত নিযুক্ত আছিল আৰু তেওঁক হত্যা কৰাৰ পূৰ্বে তেওঁৰ বাসগৃহৰ পৰা টানি উলিয়াই অনাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক: মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে নাবালিকা কন্যাক ‘নিৰ্যাতনৰ’ অভিযোগ

এই কাণ্ডৰ আঁৰত কোন আছে সেয়া জানিব পৰা হোৱা নাই যদিও কিছুমান বাতৰিত দাবী কৰা হৈছে যে ইয়াত মেইটেই পক্ষৰ একাংশ লোক আছে।

অৱশ্যে, এই প্ৰতিবেদনসমূহ স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব পৰা নগ’ল।

উল্লেখ্য যে স্বাধীনতাৰ পিছৰে পৰা দশক দশক ধৰি পাহাৰৰ বাসিন্দাসকলে উপভোগ কৰি অহা  অনুসূচিত জনজাতি (এছ টি) মৰ্যাদা মেইটেইসকলক প্ৰদানৰ পদক্ষেপৰ বিৰুদ্ধে জনজাতীয় সংগঠনৰ বিক্ষোভৰ পিছতে মণিপুৰত সংঘৰ্ষৰ সৃষ্টি হয়।

লগতে পঢ়ক: অগ্নিগৰ্ভ দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ; হঠাতে কিয় জ্বলি উঠিল শান্ত হৈ থকা ৰাজ্যখন?

মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ টৰবুং অঞ্চলত বুধবাৰে সদৌ জনজাতি ছাত্ৰ সন্থা মণিপুৰৰ উদ্যোগত আয়োজিত ‘জনজাতি সংহতি শোভাযাত্ৰ’ৰ সময়তে মেইটেইসকলে এছ টি মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত কৰাৰ সময়তে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।