NORTHEAST NOW (Assamese)

ৰাজনৈতিক অস্থিৰতা, ইটালীৰ প্ৰধান মন্ত্ৰীৰ পদত্যাগ

January 27, 2021 10:45 am · এন ই নাও নিউজ

তীব্ৰ ৰাজনৈতিক চাপত ইটালীৰ প্ৰধান মন্ত্ৰী জিউচেপ কণ্টে পদত্যাগ কৰে।

মঙলবাৰে জিউচেপ কণ্টে ইটালীৰ ৰাষ্ট্ৰপতি চাৰ্জিঅ’ মাটাৰেলাৰ হাতত পদত্যাগ পত্ৰ অৰ্পন কৰে।

প্ৰধান মন্ত্ৰী জিউচেপ কণ্টেৰ পদত্যাগৰ পাছতে বৰ্তমানৰ ইটালীৰ ৰাজনৈতিক অস্থিৰতা প্ৰশমিত কৰাৰ ক্ষেত্ৰত দায়িত্ব পৰিব ৰাষ্ট্ৰপতি চাৰ্জিঅ’ মাটাৰেলাৰ হাতত।

প্ৰধান মন্ত্ৰী কাণ্টেৰ পদত্যাগৰ পাছতে ৰাষ্ট্ৰপতি মাটাৰেলাই বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে ৰাষ্ট্ৰপতি ভৱনত বৈঠকত অংশগ্ৰহণ কৰিছে।

ইপিনে, ৰাষ্ট্ৰপতি চাৰ্জিঅ’ মাটাৰেলাই প্ৰধান মন্ত্ৰী কণ্টেৰ পদত্যাগ পত্ৰ উঠাই লোৱাৰ বাবেও অনুৰোধ জনায়।

জিউচেপ কণ্টেৰ শাসনকালত ইটালীত বৃদ্ধি পোৱা ৰাজনৈতিক অস্থিৰতাৰ বাবেই নতুন চৰকাৰ গঠনৰ আশাৰে কণ্টে পদত্যাগ কৰিছে বুলি জানিব পৰা গৈছে।

ইটালীত কোভিড মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে কণ্টে এখন নতুন চৰকাৰ গঠনৰ যোঁ-জা আৰম্ভ কৰিছে।

Related News