NORTHEAST NOW (Assamese)

যাদৱ পায়েঙক অঘৰী জনজাতিৰ মানুহ হিচাপে উপস্থাপন মহাৰাষ্ট্ৰৰ চৰকাৰী বিদ্যালয়ৰ দশম শ্ৰেণীৰ পাঠ্যপুথিত

August 19, 2018 9:23 pm · এন ই নাও নিউজ
যাদৱ পায়েং সন্দৰ্ভত মহাৰাষ্ট্ৰৰ বিদ্যালয়ৰ দশম শ্ৰেণীৰ পাঠ্যপুথিত ভুল তথ্য।

অসমৰ প্ৰখ্যাত প্ৰকৃতিকৰ্মী তথা ‘অৰণ্য মানৱ’ খ্যাত যাদৱ পায়েঙৰ কাহিনী ক’বলৈ গৈ মহাৰাষ্ট্ৰৰ চৰকাৰী বিদ্যালয়ৰ দশম শ্ৰেণীৰ পাঠ্যপুথত তেওঁক ‘অঘৰী জাতিৰ মানুহ’ (nomadic tribe) সজোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসমত। ইতিমধ্যে বিষয়টো বহুতৰ দৃষ্টিত পৰিছে আৰু ইয়াক লৈ ছ’চিয়েল মিডিয়াতো সৰৱ চৰ্চা হৈছে।

উল্লেখযোগ্য যে, দশম শ্ৰেণীৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ পাঠ্যপুথিৰ (দ্বিতীয় খণ্ড)ৰ Environmental Conservation. Our social respocibility নামৰ পাঠটোত যাদৱ পায়েঙৰ কাহিনীটো অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰকৃতি সংৰক্ষণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণা দিয়াৰ উদ্দেশ্যে A big story of a small man বুলি পায়েঙৰ কাহিনীটো চমুকৈ এই পাঠটোত অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু তাত তেওঁক অঘৰী জনজাতিৰ লোক বুলি কোৱা হৈছে।

যাদৱ পায়েঙৰ কাহিনীক প্ৰসাৰ দিয়া কথাটোত আনন্দিত হ’লেও স্বাভাৱিকতে অসমৰ মানুহৰ মাজত ক্ষোভ উদগিৰণ হৈছে অসমৰ এটা থলুৱা সম্প্ৰদায় মিচিংসকলক অঘৰী জনজাতি বুলি উল্লেখ কৰাত।

আনহাতে ২০১৮ চনত প্ৰথম সংস্কৰণ প্ৰকাশ কৰা পাঠ্যপুথিখনত আন এটাও তথ্যগত ভুল দেখা গ’ল। ইয়াত চৰকাৰে পতা আৰু যাদৱ পায়েঙে প্ৰতিপালনেৰে বৃহৎ ভূমিকা লোৱা ‘মোলাই অৰণ্য’ৰ অৱস্থান মাজুলীৰ ককিলামুখ যোৰহাট জিলাৰ অন্তৰ্ভুক্ত বুলি কোৱা হৈছে।

অসম চৰকাৰ বা যিকোনো সচেতন ব্যক্তি, অনুষ্ঠানে এই ভুলকেইটা আঙুলিয়াই দিলে কিতাপখনত থকা যাদৱ পায়েঙৰ কাহিনী অধিক গ্ৰহণযোগ্য আৰু প্ৰশংসনীয় হোৱাৰ থল আছে।

Related News