চলিত বৰ্ষৰ জুলাই মাহত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছত জগদীপ ধনখড়ে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে উপস্থিত হৈছিল। শুকুৰবাৰে ভূপালত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত তেওঁ ‘চক্ৰবেহু’ক লৈ এক ৰহস্যজনক মন্তব্য কৰে।
আৰ এছ এছৰ সৰ্বভাৰতীয় কাৰ্যকৰী সমিতিৰ সদস্য মনমোহন বৈদ্যৰ দ্বাৰা ৰচিত “হাম অউৰ য়েহ বিশ্ব” নামৰ গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত ধনখড়ে কয় যে এজন ব্যক্তি এবাৰ এই ‘আখ্যানৰ চক্ৰবেহু’ (chakravyuh) ত পৰিলে তাৰ পৰা ওলাই অহাটো কঠিন।
“ভগৱানে নকৰক যাতে কোনোৱে এই চক্ৰব্যুহত পৰি যায়। এই চক্ৰবেহুত এবাৰ কোনোবাই আবদ্ধ হৈ পৰিলে এই চক্ৰবেহুৰ পৰা ওলাই অহাটো অতি কঠিন।” অৱশ্যে হাঁহিমুখে কয় যে ‘মই নিজৰ উদাহৰণ দিয়া নাই’।
তেওঁৰ এই ‘চক্ৰবেহু’ মন্তব্যই ৰাজনৈতিক মহলত জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে, বিশেষকৈ উপ-ৰাষ্ট্ৰপতি (আৰু ৰাজ্যসভাৰ অধ্যক্ষ) পদৰ পৰা তেওঁৰ হঠাৎ পদত্যাগক কেন্দ্ৰ কৰি।
জুলাই মাহত সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই স্বাস্থ্যজনিত কাৰণত ধনখড়ে পদত্যাগ কৰা ঘটনাই ৰাজনৈতিক মহলক স্তম্ভিত কৰি তুলিছিল। তেওঁ পদত্যাগ কৰাৰ পিছত চৰকাৰৰ ‘মৌনতা’ক লৈ বিৰোধীয়ে সমালোচনাও কৰিছিল।
ভাষণৰ সময়সীমা সন্দৰ্ভত কবলৈ গৈ ধনখড়ে আন এক ইংগিতদায়ক মন্তব্য কৰে, “মই বিমান ধৰাৰ দুঃচিন্তাত নিজৰ কৰ্তব্য পৰিত্যাগ কৰি যাব নোৱাৰো। মোৰ শেহতীয়া অতীত তাৰ প্ৰমাণ।” তেওঁৰ এই কথা শুনি দৰ্শকৰ মুখত হাঁহি বিৰিঙিল।
গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ধনখড়ে তথ্য যুদ্ধ আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI), ব্লকচেইন, মেচিন লাৰ্নিঙৰ দৰে প্ৰযুক্তিৰ উত্থানৰ কথা উল্লেখ কৰে। তেওঁ কয় যে সম্প্ৰতি সভ্যতামূলক প্ৰতিযোগিতা চলি আছে।
তেওঁৰ মতে, এই কঠিন পৰিস্থিতিত ভাৰতে নিজৰ গভীৰ পৰম্পৰালৈ ঘূৰি অহাটো প্ৰয়োজন। তেওঁ উল্লেখ কৰে যে একাংশ লোকে নৈতিকতা, আধ্যাত্মিকতা আৰু বুদ্ধিমত্তাৰ পৰা আঁতৰি আহিছে।
ধনখড়ৰ পদত্যাগৰ পাছত যোৱা মাহত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কৈছিল যে পদত্যাগ কৰাৰ পিছত ১০০ দিন ধৰি তেওঁ “সম্পূৰ্ণ নিমাত” আছিল। তেওঁ কৈছিল, “হঠাৎ আৰু আচৰিত ধৰণে ২১ জুলাইৰ নিশা ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনখড়ে পদত্যাগ কৰিলে। যদিও তেওঁ দিনে-নিশাই প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰিছিল, তথাপিও স্পষ্ট যে তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছিল।”
অৱশ্যে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ পত্ৰত ধনখড়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা মন্ত্ৰী পৰিষদৰ প্ৰতি সমৰ্থন আৰু সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছিল।





