‘ওপৰৰ মাল’ মন্ত্ৰী পীযুষ হাজৰিকাৰ ‘সাংবাদিক ধমক কাণ্ড’ৰ নতুন মোৰ : সতীৰ্থ সাংবাদিকৰ বিৰুদ্ধে গোচৰ

index.jpga

নিজকে ‘বহু ওপৰৰ মাল’ মন্ত্ৰী বুলি দম্ভালি মৰা ৰাজ্য চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ সাংবাদিকক ধমক দিয়া কাণ্ডই এতিয়া নতুন মোৰ লৈছে।

উল্লেখ্য যে জাগীৰোডৰ এখন নিৰ্বাচনী সভাত মন্ত্ৰীগৰাকীৰ অভিনেত্ৰী পত্নী আইমী বৰুৱাৰ বিতৰ্কিত মন্তব্যক ৰাজ্যৰ এটা বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠানে বিকৃত ৰূপত পৰিৱেশন কৰা বুলি অভিযোগ উত্থাপন হৈছিল।

বাতৰিটো পৰিৱেশন হোৱাৰ পিছতে সংবাদ প্ৰতিষ্ঠানটোৰ নজৰুল ইছলাম আৰু অন্য এটা বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠানৰ তুলসী মান্তা নামৰ দুগৰাকী সাংবাদিকক ফোন যোগে চৰম ভাবুকি প্ৰদান কৰিছিল মন্ত্রী পীযুষ হাজৰিকাই।

উক্ত ভাবুকিৰ অডিঅ’ ক্লীপ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে সামাজিক মাধ্যমৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদৰ ঢৌ উঠে।

আনহাতে ভাবুকি লাভ কৰা দুই সাংবাদিকে মন্ত্ৰী পীযুষ হাজৰিকাৰ চৰম ভাবুকিৰ বিৰুদ্ধে জাগীৰোড থানাত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে এগৰাকী সাংবাদিক নজৰুল ইছলামক মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাই নিৰাপত্তাৰক্ষীও প্ৰদান কৰে।

ইফালে সাংবাদিকদ্বয়ৰ এজাহাৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে মন্ত্ৰী পীযুষ হাজৰিকাৰ মোবাইল ফোন ইতিমধ্যে জব্দ কৰি কণ্ঠস্বৰ পৰীক্ষাৰ বাবে ফৰেনছিক বিভাগৰ লেবৰেটৰীলৈ প্ৰেৰণ কৰিছে।

ইয়াৰ পিছতে সমগ্ৰ ঘটনাই নতুন মোৰ লৈছে। সোমবাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ চৰম ভাবুকি লাভ কৰা দুই সাংবাদিকৰ মাজৰে এগৰাকীয়ে সতীৰ্থ সাংবাদিকগৰাকীৰ বিৰুদ্ধে জাগীৰোড থানাত এজাহাৰ দাখিল কৰিছে।

শনিবাৰে সাংবাদিক তুলসী মান্তাই সতীৰ্থ সাংবাদিক নজৰুল ইছলামৰ বিৰুদ্ধে জাগীৰোড থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে যে নজৰুল ইছলামক তেওঁ এটা সম্পাদিত তথা আনকাট ভিডিঅ’ মোবাইলৰ হোৱাটছএপ যোগে প্ৰেৰণ কৰিছিল আৰু উক্ত ভিডিঅ’টো বিকৃত কৰি সংবাদ প্ৰতিষ্ঠানটোৱে বাতৰি পৰিৱেশন কৰিছিল।

সাংবাদিক তুলসী মান্তাই এজাহাৰত উল্লেখ কৰা মতে নজৰুল ইছলামলৈ প্ৰেৰণ কৰা বিতৰ্কৰ সূত্ৰপাত ঘটা ভিডিঅ’টোত আইমী বৰুৱাই উচ্চাৰণ কৰা ‘বঙালী’ শব্দটো আছিল যদিও সংশ্লিষ্ট সংবাদ প্ৰতিষ্ঠানটোৱে ভিডিঅ’টো সম্পাদনাৰ যোগে বিকৃত কৰি উক্ত ‘বঙালী’ শব্দটো কাটি বাতৰিটো পৰিৱেশন কৰিছিল।

মান্তাই জাগীৰোড থানাত সতীৰ্থ সাংবাদিক নজৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে স্বঘোষিত ‘ওপৰৰ মাল’ মন্ত্ৰী পীযুষ হাজৰিকাৰ সাংবাদিকক ভাবুকি দিয়া আৰু আইমী বৰুৱাৰ বিতৰ্কিত ভিডিঅ’ কাণ্ডই নতুন মোৰ লোৱা দেখা গৈছে।