DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাহাংগীৰপুৰীৰ উচ্ছেদ: উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিলে শুনানি, কি নিৰ্দেশ দিলে ন্যায়ালয়ে?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 21, 2022 12:41 pm
জাহাংগীৰপুৰীৰ উচ্ছেদ: উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিলে শুনানি, কি নিৰ্দেশ দিলে ন্যায়ালয়ে?
196
VIEWS
Share on FacebookShare on Twitter

উত্তৰ দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত বেদখলকাৰীসকলৰ বিৰুদ্ধে উত্তৰ দিল্লী পৌৰ নিগমে (এনডিএমচি) চলাই থকা উচ্ছেদ অভিযান সন্দৰ্ভত আজি পুনৰ উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয়।

আজি জমিয়ত উলামা-ই-হিন্দে দাখিল কৰা আবেদনৰ শুনানিৰ সময়তে ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু বি আৰ গাভাইৰ বিচাৰপীঠে ন্যায়ালয়ে কালি প্ৰদান কৰা উচ্ছেদ বন্ধৰ নিৰ্দেশ বাহাল ৰখাৰ কথা ঘোষণা কৰে। সেইমৰ্মে অহা দুসপ্তাহলৈ জাহাংগীৰপুৰী অঞ্চলত প্ৰশাসনক কোনো উচ্ছেদ নচলাবলৈ আদালতে নিৰ্দেশ দিয়ে।

শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে আদালতত জমিয়ত উলামা-ই-হিন্দে এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য আবেদন কৰিছে। আবেদনত উল্লেখ কৰা অভিযোগৰ কোনো ভিত্তি নাই বুলিও তেওঁ কয়।

তেওঁৰ যুক্তিৰ বিৰোধিতা কৰি জ্যেষ্ঠ অধিবক্তা দুষ্মন্ত ডাভেই কয় যে বিষয়টোৱে সাংবিধানিক প্ৰসংগত প্ৰশ্নৰ অৱতাৰণা কৰিছে।

তেওঁ কয় যে এয়া কেৱল জাহাংগীৰপুৰীতে সীমাবদ্ধ বিষয় নহয়, যদি এনে কৰি থাকিবলৈ প্ৰশাসনক অনুমতি দিয়া হয় তেন্তে আইনৰ শাসনৰ অস্তিত্ব নাথাকিব।

ডাভেই লগতে কয় যে আৰক্ষী আৰু অসামৰিক কৰ্তৃপক্ষ সংবিধানৰ দ্বাৰা পৰিচালিত, কোনো বিজেপি নেতাই লিখা পত্ৰৰ দ্বাৰা নহয়।

জ্যেষ্ঠ অধিবক্তা কপিল চিবালে কয়, “বেদখল এক গুৰুতৰ বিষয় , কিন্তু শেহতীয়া ঘটনাটোত কেৱল মুছলমানসকলক বেদখলৰ সৈতে জড়িত কৰা হৈছে” ।

তেওঁ লগতে কয় যে আন ৰাজ্যতো এনে ধৰণৰ ঘটনা ঘটি আছে।

তেওঁলোকৰ যুক্তি শুনি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে জাহাংগীৰপুৰীত উচ্ছেদ অভিযানৰ বিৰুদ্ধে কৰা আবেদন সন্দৰ্ভত এনডিএমচিক জাননী জাৰি কৰে।

বিচাৰপীঠে আৰু দুসপ্তাহৰ বাবে উচ্ছেদ বন্ধৰ স্থিতি বাহাল ৰখাৰো নিৰ্দেশ দিয়ে।উল্লেখ্য কালি জাহাংগীৰপুৰীত চলা উচ্ছেদ অভিযান উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ বহু পিছতহে বন্ধ কৰা হৈছিল।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd