হনুমান জয়ন্তীৰ হিংসা: এইবাৰ তদন্তকাৰী আৰক্ষীৰ দলক আক্ৰমণ অভিযুক্তৰ পৰিয়ালৰ

শান্ত হোৱা নাই নতুন দিল্লী।

হনুমান জয়ন্ত্ৰীৰ সময়ত উলিওৱা এক শোভাযাত্ৰাত এটা সম্প্ৰদায়ৰ প্ৰতিক্ৰিয়াশীল একাংশ লোকে আক্ৰমণ চলোৱাৰ পিছৰে পৰাই ৰাজধানী চহৰ খনত বিৰাজ কৰি আছে চেপা উত্তেজনা। 

নতুন দিল্লীৰ জাহাংগীৰপুৰীত ঘটা আক্ৰমণৰ ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে এতিয়ালৈকে ২১ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত দুটি কিশোৰো আছে।

জাহাংগীৰপুৰীত সমদলকাৰীক লক্ষ্য কৰি গুলীচালনা কৰা অভিযুক্ত জনৰ ঘৰলৈ আজি তদন্তৰ বাবে যোৱাৰ সময়তে অভিযুক্তৰ পৰিয়ালে আৰক্ষীৰ ওপৰত আক্ৰমণ চলায়।

অভিযুক্তৰ পৰিয়ালে দিল্লী আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰা বুলি দিল্লী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ সময়ত দিল্লীত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ সন্দৰ্ভত আজি দিল্লী আৰক্ষীৰ এটা তদন্তকাৰী দলে ঘটনাটোৰ এজন অভিযুক্তৰ ঘৰলৈ গৈছিল। কিন্তু তদন্তত সহযোগ কৰাৰ পৰিৱৰ্তে অভিযুক্তৰ পৰিয়ালে আৰক্ষীক শিলাবৰ্ষণ কৰি আক্ৰমণহে কৰে।

উক্ত অভিযুক্ত লোক জনে সংঘৰ্ষৰ সময়ত গুলীচালনা কৰাৰ কথা পোহৰলৈ আহিছে।

জাহাংগীৰপুৰীত সংঘৰ্ষৰ সময়ত নীলা চাৰ্ট পিন্ধা এজন ব্যক্তিয়ে গুলীচালনা কৰাৰ দৃশ্য কেমেৰাত বন্দী হৈছিল।

এই সন্দৰ্ভত আৰক্ষী উপ-আয়ুক্ত (উত্তৰ-পশ্চিম) উষা ৰংনানীয়ে কয় যে দিল্লী আৰক্ষীৰ এটা দলে চিডি পাৰ্ক ৰোডত থকা সন্দেহজনক ব্যক্তিজনৰ ঘৰলৈ গৈ তেওঁৰ পৰিয়ালৰ সদস্যসকলক সোধা-পোছা কৰিবলৈ গৈছিল। তেওঁৰ পৰিয়ালৰ সদস্যসকলে আৰক্ষীৰ দলটোলৈ ওলোটাই শিল নিক্ষেপ কৰে। এই আক্ৰমণৰ ঘটনা সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয়। অভিযুক্তৰ পৰিয়ালৰ এজন লোকক আৰক্ষীয়ে আটক কৰিছে। দিল্লী আৰক্ষীয়ে এতিয়ালৈকে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৈতে জৰিত থকা মুঠ ২১ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

হনুমান জয়ন্তীৰ দিনা উত্তৰাখণ্ড, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশকে ধৰি আন কেইবাখনো ৰাজ্যত সাম্প্ৰদায়িক হিংসাৰ সূত্ৰপাত ঘটিছিল।

হনুমান জয়ন্তীৰ শোভাযাত্ৰাক কেন্দ্ৰ কৰি দেশৰ ৰাজধানী দিল্লী উত্তপ্ত হৈ পৰিছিল।

শনিবাৰে দুটা গোষ্ঠীৰ মাজত ঘটনা সংঘৰ্ষ, শিলাবৰ্ষণৰ ফলত ছয়গৰাকী আৰক্ষীকে ধৰি ৯ জন লোক আহত হয়।দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত এই ঘটনাটো ঘটে। শনিবাৰে সেই অঞ্চলেৰে এটা শোভাযাত্ৰা উলিওৱা হৈছিল।

হঠাতে কেইজনমান দুস্কৃতিকাৰীয়ে শোভাযাত্ৰাৰ ওপৰত শিলগুটি দলিয়ায়।তাৰপিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। বাহনত অগ্নিসংযোগ কৰা হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়লৈকো খবৰ প্ৰেৰণ কৰা হয়।

তাৎক্ষণিকভাৱে দিল্লী আৰক্ষীক ঘটনাস্থলীত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হয়। আৰক্ষী উপস্থিত হৈয়েই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। দিল্লী আৰক্ষীৰ উপ পৰিদৰ্শক মেধলাল মীনাৰ হাতত গুলী লাগিছিল।