• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ CAA-বিৰোধিতাৰ তাৎপৰ্য্য তথ্যৰে ব্যাখ্যা জাহ্নু বৰুৱাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2019 10:02 pm
Jahnu Barua explains significance of Assam's opposition to CAA

জাহ্নু বৰুৱাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰসিদ্ধ ছবি নিৰ্মাতা জাহ্নু বৰুৱাই ভাৰতৰ চৰকাৰী তথ্য আৰু ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ ঘোষণাপত্ৰ দাঙি ধৰি অসমৰ বাহিৰৰ লোকৰ বাবে নাগৰিকত্ব (সংশোধন) আইন ২০১৯বিৰোধী ৰাজ্যবাসীৰ বিৰোধিতাৰ তাৎপৰ্য্য ব্যাখ্যা কৰিছে।

এটা ভিডিঅ’যোগে বৰুৱাই কৈছে যে অসমৰ সমাজ “ধৰ্মভিত্তিক” নহয় আৰু কা-ক লৈ ইয়াৰ মানুহৰ আশংকা খিলঞ্জীয়া “ভাষা-সংস্কৃতি”কেন্দ্ৰিক। তেওঁ কয় যে অসমত বহু গোষ্ঠী, ধৰ্ম, বৰ্ণৰ লোকে শতিকাজুৰি সম্প্ৰীতিৰে বাস কৰি আহিছে।

লোকপিয়লৰ তথ্যৰে বৰুৱাই দেখুৱাইছে যোৱা সময়চোৱাত অসমত অসমীয়াভাষী হ্ৰাসৰ বিপৰীতে বাংলাভাষী বৃদ্ধি পোৱাৰ তথ্য আৰু সম্ভাৱ্য ভৱিষ্যত সম্ভাৱনা।

চুবুৰীয়া বাংলাদেশৰ পৰা প্ৰব্ৰজনক স্বীকাৰ কৰি অসম চুক্তিমতে ১৯৭১ চনলৈকে অসমে প্ৰায় ২০ লাখ অবৈধ অনুপ্ৰৱেশকাৰী গ্ৰহণ কৰা বুলি উল্লেখ কৰি বৰুৱাই প্ৰশ্ন কৰিছে ইয়াৰ পিছত কা-ৰ অধীনত নাগৰিকত্ব পোৱাসকলক ৰাজ্যখনে গ্ৰহণ কৰিব লগা হোৱাটো ন্যায়সংগতনে?

দ্বিতীয়তে, সংসদত গৃহ মন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ আধাৰত এনে লোকৰ সংখ্যা “লাখ বা কোটি” হোৱাৰ সম্ভাৱনা উল্লেখ কৰি বৰুৱাই কৈছে এনে লোক ৭০ লাখ হ’লেও ২০২১ চনলৈ বাংলাভাষীৰ সংখ্যাই অসমীয়াক অতিক্ৰম কৰিব।

এনে লোকৰ প্ৰকৃত সংখ্যা কিমান সেয়া কোনেও নাজানে বুলি উল্লেখ কৰি বৰুৱাই কৈছে যে বিভিন্নজনে বিভিন্ন সংখ্যা দাঙি ধৰি আহিছে।

আকৌ এই লোকসকলৰ সমস্যাটো “ৰাষ্ট্ৰীয়” বুলি উল্লেখ কৰি কা-সমৰ্থকসকলে মানুহবিলাকক ভাৰতৰ সকলো ৰাজ্যই ভগাই ল’ব বুলি মাজে-সময়ে দাবী কৰি থকাৰ প্ৰসংগত বৰুৱাৰ প্ৰশ্ন, কোন ৰাজ্য এওঁলোকক গ্ৰহণ কৰিবলৈ ৰাজী আছে?

তেওঁ দেখুৱাইছে যে এনে লোক যদি ১ কোটি হয়, তেন্তে বৃহৎ ৰাজ্য ৰাজস্থানে ভূমিৰ হিচাপত ১০ লাখতকৈ অধিক লোকক আশ্ৰয় দিব লাগিব। তেওঁ লগতে কয়, ষষ্ঠ অনুসূচীৰ এলেকা বাদ দি অসমে ভাৰতৰ কেৱল ১.৬৭ শতাংশ ভূমি অধিকাৰ কৰি আছে।

আনহাতে ভাৰত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া অধিকাৰ বিষয়ক ঘোষণাপত্ৰৰ “স্বাক্ষৰকাৰী” বুলি উল্লেখ কৰি বৰুৱাই কয় যে কা বলবৎকৰণে এই ঘোষণাৰ বিশেষকৈ ইয়াৰ ১২, ১৩, ২৬ আৰু ৩১ অনুচ্ছেদৰ “বৃহৎ উলংঘন” কৰিব।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সন্মান প্ৰাপক চিনেমা নিৰ্মাতাগৰাকীয়ে কা-বিৰোধিতাৰে শেহতীয়াকৈ এক চৰকাৰী কাৰ্য্যসূচীৰ পৰা তেওঁৰ ছবি প্ৰত্যাহাৰ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

September 16, 2025 12:48 pm
ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd