• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিমুদ্ৰাকৰণৰ দৰে টোঘলকী সিদ্ধান্তৰ বাবে ক্ষমা খুজিব লাগে প্ৰধানমন্ত্ৰী মোদীয়ে: জয়ৰাম ৰমেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2023 7:41 pm
Jairam Ramesh on demonetisation
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ ৰায় বিমুদ্ৰাকৰণৰ প্ৰক্ৰিয়াৰ ওপৰতহে, ইয়াৰ ফলাফলৰ ওপৰত নহয়। বিমুদ্ৰাকৰণৰ বাবে ক্ষমা খুজিব লাগে প্ৰধানমন্ত্ৰী মোদীয়ে। কাৰণ ২০১৬ চনৰ ৮ নৱেম্বৰত তেওঁ লোৱা টোঘলকী সিদ্ধান্তই লাখ লাখ ক্ষুদ্ৰ উদ্যোগ, অনানুষ্ঠানিক খণ্ড আৰু লাখ লাখ মানুহৰ জীৱিকা ধ্বংস কৰি পেলাইছিল।

এইদৰে বিমুদ্ৰাকৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশ। বিমুদ্ৰাকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শেহতীয়া ৰায়ৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক এইদৰে তীব্ৰ সমালোচনা কৰিছে জেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে।

যোৱা সোমবাৰে উচ্চতম ন্যায়ালয়ে বিমুদ্ৰাকৰণ সন্দৰ্ভত আগবঢ়োৱা বহুকেইখন লেখ আবেদনৰ ৰায়দান প্ৰদান কৰে। এই আবেদনসমূহ শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া সাংবিধানিক বিচাৰপীঠে বিমুদ্ৰাকৰণ সন্দৰ্ভত চৰকাৰ তথা প্ৰদ্ধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমৰ্ত্হনত ৰায়দান কৰে।

ন্যায়াধীশ এছ আব্দুল নাজিৰ, বি আৰ গাভাই, এ এছ বোপান্না, ভি ৰামাসুব্ৰমণিয়ান আৰু বি ভি নাগাৰাত্নৰ সাংবিধানিক বিচাৰপীঠে কয় যে বিমুদ্ৰাকৰণ কৰাৰ অধিকাৰ কেন্দ্ৰীয় চৰকাৰৰ অধিকাৰৰ ক্ষেত্ৰত পৰে। অৱশ্যে এই ৰায়দানৰ বিতৰ্কত ন্যায়ালয়ৰ পাঁচ ন্যায়াধীশৰ ভিতৰৰ ন্যায়াধীশ বি ভি নাগাৰাত্নই বিপৰীত মেৰুত অৱস্থান কৰে।

নাগাৰাত্নই ন্যায়ালয়ত প্ৰশ্ন কৰে বিমুদ্ৰাকৰণৰ ফলাফল সম্পৰ্কে। ইয়াৰ বাবে শিৱসেনাৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে টুইটযোগে প্ৰশংসা কৰিছে ন্যায়াধীশ গৰাকীক।

জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ মুখপাত্ৰ ক্লাইড ক্ৰাষ্টোৱে কৈছে যে যদিও উচ্চতম ন্যায়ালয়ে বিমুদ্ৰাকৰণৰ সিদ্ধান্তৰ বৈধতাক সমৰ্থন কৰে, তথাপিও বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰা উচিত। কাৰণ বিমুদ্ৰাকৰণৰ ফলত অৰ্থনীতিৰ পতন হৈছে।

ইয়াৰ লগতে তৃণমূল কংগ্ৰেছৰ সাংসদ সুকেন্দু শেখৰ ৰায়ে কৈছে যে উচ্চতম ন্যায়ালয়ে “বিমুদ্ৰাকৰণে নিৰ্ধাৰণ কৰা লক্ষ্যসমূহ পূৰণ কৰিলেনে নেকি সেই সন্দৰ্ভত উত্থাপন হোৱা প্ৰশ্নসমূহৰ সৈতেও মোকাবিলা কৰা উচিত আছিল”।

ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতেই গাৰ পৰা সকলো দাগ মোচ খালে বুলি ভাৰতীয় জনতা পাৰ্টি উৎফুল্লিত হৈ উঠিলেও এতিয়া কংগ্ৰেছ আৰু আন বিৰোধী নেতাসকলে উলটি ধৰিছে বিজেপিক। বিৰোধীয়ে কৈছে যে ন্যায়ালয়ে কেৱল বিমুদ্ৰাকৰণৰ প্ৰক্ৰিয়াৰ ওপৰত হে ৰায়দান কৰিছে, বিমুদ্ৰাকৰণৰ ফলাফলৰ ওপৰত ৰায়দান কৰা নাই।

উচ্চতম ন্যায়ালয়ে বিমুদ্ৰাকৰণৰ ফলাফলক সমৰ্থন কৰিলেও ভাৰতীয় মানুহে বিমুদ্ৰাকৰণে দি যোৱা পীড়াৰ কথা কাহানিও পাহৰি যোৱা নাই। চমক সৃষ্টিৰ উদ্দেশ্যে নৰেন্দ্ৰ মোডীয়ে কলাধন ঘূৰাই আনি ১৫ লাখকৈ সকলোৰে একাউন্টত ভৰাই দিম বুলি মৰা মিছা ফিটাহীক মনত ৰাখিছে ভাৰতীয় জণগণে।

বিমুদ্ৰাকৰণ যে এটি ফ্লপ শ্ব’, সেয়া ওলাই পৰিছে ৰিজাৰ্ভ বেংকৰ তথ্যত। ২০১৭ চনৰ ৰিজাৰ্ভ বেংকৰ তথ্য মতে, বিমুদ্ৰাকৰণৰ সময়ত দেশত প্ৰচলিত ৫০০ আৰু ১০০০টকাৰ নোটৰ পৰিমাণ আছিল– ১৫.৪৪ লাখ কোটি টকা। বেংকলৈ ঘূৰি অহা অচল মুদ্ৰাৰ পৰিমাণ আছিল– ১৫.২৮ খা কোটি টকা।

আনহাতে শতকৰা হিচআপত উভটি অহা বাতিল টকাৰ পৰিমাণ– ৯৯ শতাংশ। নতুন নোট ছপা কৰাৰ ব্যয় – ২১,০০০ কোটি টকা। বেংকলৈ উভটি নহা টকাৰ পৰিমাণ– ১৬,০০০ কোটি টকা। এই তথ্যসমূহে স্বাভাৱিকতেই বিমুদ্ৰাকৰণৰ সফলতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd