বাংলাদেশৰ ‘ইছলামিক সন্ত্ৰাসবাদী’ সংগঠন জে এম ভিয়ে ভাৰতত খোপনি পুতিবলৈ চেষ্টা চলাই আছে বুলি যোৱা সোমবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)ৰ প্ৰধানে মন্তব্য কৰাৰ পিছতে বৰপেটা আৰক্ষীৰ জালত পৰিছে জে এম ভি এগৰাকী দুৰ্ধৰ্ষ কেডাৰ।
জিলাখনৰ আৰক্ষী অধীক্ষক ৰবীন কুমাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মঙলবাৰে বৰপেটাৰ বাৰাদিত অভিযান চলাই জামাট-উল মুজাহিদীন বাংলাদেশৰ উক্ত কেডাৰজনক গ্ৰেপ্তাৰ কৰে।
ধৃত জে এম বি কেডাৰজনক বৰপেটা জিলাৰ ৰৌমাৰী পথাৰ গাঁৱৰ আজাহাৰুদ্দিন আহমেদ বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পম খেদি মঙলবাৰে আৰক্ষীয়ে আজাহাৰুদ্দিনক ঘৰলৈ আহি থকাৰ পথত বৰপেটা চহৰৰ বাৰাদি পুলিচ ৰিজাৰ্ভৰ ওচৰত আটক কৰিছিল।
তেওঁৰ পৰা পাচপোৰ্টকে ধৰি বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰা হয় বুলি বৰপেটা আৰক্ষীয়ে জানিবলৈ দিয়ে।
জে এম বিৰ শ্লিপাৰ চেলক নেতৃত্ব দি অহা যুৱকজনে বিগত পাঁচ বছৰে বহিঃ ৰাজ্যত আত্মগোপন কৰি আছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।
ইতিপূৰ্বে কেইবাটাও গোচৰত অভিযুক্ত ধৃত আজাহাৰুদ্দিনক কালি অৰ্থাৎ বুধবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত আৰক্ষীয়ে তেওঁক ৭ দিনৰ বাবে নিজৰ জিম্মাত লৈ জেৰা আৰম্ভ কৰিছে।
বুধবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয় পূৰ্বে কেবাটাও গোচৰত অভিযুক্ত আজাহাৰুদ্দিনক।