পূৰ্ণোদ্যমে চলিছে সেনা-আৰক্ষীৰ অভিযান: পাঁচমাহতে জম্মু-কাশ্মীৰত নিহত ১০০ সন্ত্ৰাসবাদী

Terrorists killed in Jammu and Kashmir

সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে জম্মু-কাশ্মীৰত পূৰ্ণোদ্যমে চলিছে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান। এই উদ্দেশ্যতে চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা সেনা-আৰক্ষীয়ে যুটীয়াভাৱে অভিযানত নামি পৰিছে।

নিৰাপত্তাৰক্ষীয়ে চলোৱা এই অভিযানৰ সময়ত ২০২২ বৰ্ষৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে মুঠ ১০০ জন সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে সোমবাৰে এক বিবৃতি যোগে এই তথ্য প্ৰকাশ কৰিছে।

এই বিবৃতি অনুসৰি এই বৰ্ষত এতিয়ালৈকে মুঠ ১০০ জন সন্ত্ৰাসবাদীক হত্যা কৰিছে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ অভিযানকাৰী দলে।

এই ১০০ সন্ত্ৰাসবাদীৰ ভিতৰত ২৯ গৰাকী বিদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা সন্ত্ৰাসবাদী সদস্য আৰু আন ৭১ গৰাকী দেশৰ ভিতৰৰে সদস্য বুলি তেওঁ জানিবলৈ দিয়ে।

আৰক্ষী বিষয়া গৰাকীৰ তথ্য অনুসৰি নিৰাপত্তাৰক্ষীৰ এই অভিযানৰ সময়ত পাকিস্তানমূলৰ সন্ত্ৰাসবাদী গোট লস্কৰ-ই-তৈবা আৰু জৈশ-ই-মহম্মদৰ সৰ্বাধিক সংখ্যক সদস্য নিহত হৈছে।

লস্কৰ-ই-তৈবাৰ ৬৩ জন সন্ত্ৰাসবাদী সদস্য নিহত হোৱাৰ বিপৰীতে জৈশ-ই-মহম্মদৰ ২৪ জন সদস্য নিহত হৈছে বুলি তেওঁ সদৰি কৰে।

কুমাৰে লগতে কয় যে চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা সন্ত্ৰাসবাদীৰ সংখ্যা বিগত বছৰত প্ৰথমচোৱা সময়তকৈ দুগুণ।

যোৱা বৰ্ষৰ প্ৰথম পাঁচ মাহ আৰু ১২ দিনত সন্ত্ৰাসবাদ বিৰোধী অভিযানত এজন বিদেশী সদস্যসহ ৫০ জন সন্ত্ৰাসবাদী নিহত হৈছিল বুলি তেওঁ বিবৃতিটোত উল্লেখ কৰে।

সামগ্ৰিকভাৱে যোৱা বৰ্ষটোত উপত্যকাটোত সুৰক্ষা বাহিনীয়ে ১৮০ জন সন্ত্ৰাসবাদীক হত্যা কৰিছিল বুলি এজন জ্যেষ্ঠ সেনা বিষয়াই উল্লেখ কৰিছিল।

তেওঁ সদৰি কৰা কৰা তথ্য অনুসৰি ১৮০ জন সন্ত্ৰাসবাদীৰ ভিতৰত ১৮ জন বিদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা সন্ত্ৰাসবাদী সদস্য আছিল।

উল্লেখ্য যে যোৱা ১২ মে’ত জম্মু-কাশ্মীৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত ৭৫ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য প্ৰকাশ কৰিছিল।

বিষয়াসকলে লগতে জম্মু-কাশ্মীৰত কমেও ১৬৮ জন সন্ত্ৰাসবাদীয়ে গোপনে কাম কৰি আছে বুলি দাবী কৰিছিল।

ইফালে যোৱা বছৰটোত সেনা-আৰক্ষীৰ অভিযানত সৰ্বমুঠ ৪৯৫ জন সন্ত্ৰাসবাদী গোটৰ গ্ৰাউণ্ড ৱৰ্কাৰক আটক কৰা হৈছিল। আনহাতে এই বছৰৰ প্ৰথম চাৰি মাহতে ৮৭ জন গ্ৰাউণ্ড ৱৰ্কাৰক আটক কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছিল।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সক্ৰিয় অভিযানৰ লগতে এক শক্তিশালী নিৰাপত্তা আৰু চোৰাংচোৱা গ্ৰিড স্থাপন কৰিছে বুলি যোৱা মাৰ্চ মাহত গৃহ মন্ত্ৰালয়ে উল্লেখ কৰিছিল।

এই সুবিধাৰ জৰিয়তে জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি উন্নতি সাধনৰ লগতে সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ হ্ৰাস কৰিব পৰা যাব বুলি মন্ত্ৰালয়ে দাবী কৰিছিল।