• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে কাশ্মীৰত দুখনকৈ যাত্ৰীবাহী বাছত বোমা বিস্ফোৰণ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 29, 2022 10:38 am
157
VIEWS
Share on FacebookShare on Twitter

কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ পৰিবেশ ৰচনা হোৱাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা সপ্তাহত উপত্যকাটো ভ্ৰমণ কৰাৰ কথা। এনে সময়তে দুখনকৈ বাছত ঘটা দুটা বোমা বিস্ফোৰণে উপত্যকাটো কঁপাই তুলিছে।
কাশ্মীৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে বুধবাৰে নিশা আৰু তাৰ পিছত বৃহস্পতিবাৰে পুৱা আঠ ঘণ্টাৰ ব্যৱধানত জম্মু-কাশ্মীৰৰ উধমপুৰত দুখন যাত্ৰীবাহী বাছত সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ ঘটায়।

বাছ ষ্টেণ্ডত ৰখাই থোৱা এখন খালী বাছত হোৱা বিস্ফোৰণৰ ফলত কোনো প্ৰাণহানি হোৱা নাই। সন্ত্ৰাসবাদীয়ে আতংক বিয়পাবলৈ এনে কৰিছে বুলি ধাৰণা কৰা হৈছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, বুধবাৰে নিশা প্ৰায় ১১.৪৫ বজাত উধমপুৰৰ ডোমাইল চকৰ ওচৰত ৰখাই থোৱা এখন বাছত প্ৰথমটো বিস্ফোৰণ সংঘটিত হয়।

ঘটনাটোত দুজন লোক গুৰুতৰভাৱে আহত হয়। বৃহস্পতিবাৰে পুৱা প্ৰায় ৬:৩০ বজাত ডমাইল চকৰ পৰা ৪ কিলোমিটাৰ দূৰত পুৰণি বাছ ষ্টেণ্ডত ৰখাই থোৱা আন এখন বাছত বিস্ফোৰণ হয়। অৱশ্যে সেই বিস্ফোৰণত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অহা সপ্তাহত জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰিব। শ্বাহৰ ভ্ৰমণৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে উপত্যকাটোত আতংক বিয়পাবলৈ এনেদৰে ৰখাই থোৱা বাছত বোমা বিস্ফোৰণ ঘটোৱা বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য ২০০৯ চনতো জম্মুৰ এটা বাছ ষ্টেণ্ডত ৰখাই থোৱা এখন যাত্ৰীবাহী বাছত বিস্ফোৰণ ঘটোৱা হৈছিল। ইপিনে শেহতীয়া বোমা বিস্ফোৰণৰ দায়িত্ব কোনো সংগঠনে স্বীকাৰ কৰা নাই। কালি নিৰাপত্তাবাহিনীয়ে উপত্যকাটোত তিনি জন পাক সন্ত্ৰাসবাদীক হত্যা কৰিছিল।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd