জম্মু-কাশ্মীৰত আজি অন্তিম পৰ্যায়ৰ নিৰ্বাচন; মুঠ ৪০টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

ফটোঃ সংগ্ৰহীত।

জম্মু-কাশ্মীৰত আজি তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। মুঠ ৪০টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। পুৱা ৭ বজাৰ পৰা ভোটদান আৰম্ভ হয় আৰু সন্ধিয়া ৭ বজাত শেষ হ’ব। মঙলবাৰে ৫০৬০টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে।

আয়োগে দিয়া তথ্য অনুসৰি অন্তিম পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ৪০ লাখ। মুঠ প্ৰাৰ্থী ৪০৫ জন। তদুপৰি, আজি জম্মু সংমণ্ডলৰ ২৪খন আৰু কাশ্মীৰৰ ১৬খন আসনত ভোটদান হ’ব।

জম্মু সংমণ্ডলৰ জম্মু জিলাৰ ১১টা সমষ্টি, কঠুৱাৰ ৬টা সমষ্টি, উধামপুৰৰ ৪টা সমষ্টি আৰু চাম্বাৰ ৩টা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। আনহাতে, কাশ্মীৰ সংমণ্ডলৰ বাৰামুল্লাৰ ৭খন, কুপোৱাৰাৰ ৬খন আৰু বান্দিপোৰাৰ ৩খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

উল্লেখ্য যে ১০ বছৰৰ পাছত কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। ১৮ ছেপ্টেম্বৰত প্ৰথম পৰ্যায়ত মুঠ ৯০খন আসনৰ ভিতৰত ২৪খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ২৫ তাৰিখে দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হয়। সেইবাৰ ২৬টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয়। অহা ৮ অক্টোবৰত ভোটৰ ফলাফল জানিব পৰা যাব।

আজি নিৰ্বাচনত অৱতীৰ্ণ হোৱা উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে পিপলছ কনফাৰেন্সৰ মুৰব্বী তথা প্ৰাক্তন মন্ত্ৰী চজ্জাদ ল’ন, পেন্থাৰ্ছ পাৰ্টিৰ সভাপতি দেৱ সিং আৰু কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী চৌধুৰী লাল সিং।