• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জম্মু-কাশ্মীৰত এতিয়াৰে পৰা উত্তৰ-পূবৰ আৰ্হিৰে উন্নয়ন হ’ব : গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং

এক দেশ এখন সংবিধান হোৱাটো সকলোৱে বিচাৰে : জিতেন্দ্ৰ সিং

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 4, 2019 7:25 pm
Jitendra Sing

জিতেন্দ্ৰ সিঙৰ সংবাদ মেল

2.1k
VIEWS
Share on FacebookShare on Twitter

‘এক দেশ এখন সংবিধান হোৱাটো সকলোৱে বিচাৰে। জন্মু-কাশ্মীৰৰ বৰ্তমানৰ অৱস্থা স্বাভাৱিক’- গুৱাহাটীৰ দিচপুৰস্থিত গড়কপ্তানী বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত এই মন্তব্য ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ।

উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় প্ৰমুখ সকলৰ প্ৰশিক্ষণৰ পাছতে সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

আনহাতে, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ উঠাই দিয়াৰ পাছত দেশজুৰি কিছুমানে অপ-প্ৰচাৰ চলাই আছে বুলি সিঙে মন্তব্য কৰি সকলোকে এনেধৰণৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান জনায়।

সিঙৰ মতে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰে সমগ্ৰ দেশক লাভাম্বিত কৰিব।

‘‘জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ থকাটোৱেই ৰাজ্যখনত সন্ত্ৰাসবাদীয়ে ঘাটি পতাৰ মূল কাৰণ আছিল। ৩৭০ ৰ সুযোগ লৈ কাশ্মীৰত পাকিস্তানে সন্ত্ৰাসবাদী কাম-কাজ চলাই আহিছিল’’-সিঙৰ মন্তব্য।

জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পাছত এতিয়া সন্ত্ৰাসবাদীৰ উপদ্ৰৱ হ্ৰাস পাব বুলিও সংবাদমেলত ড’নাৰ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাৰ লগতে বিগত পাঁচবছৰত প্ৰধান মন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে।

তদুপৰি, উন্নয়নৰ ক্ষেত্ৰত জন্মু কাশ্মীৰে এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্হি গ্ৰহণ কৰিব বুলি সদৰি কৰি সিঙে লগতে বিগত ৫ বছৰে উত্তৰ-পূৱৰ বাবে মোদী চৰকাৰে বহুখিনি আন্তঃগাঁথনি নিৰ্মাণ তথা উন্নয়নমূলক কাম কৰিছে বুলি কয়।

তেওঁ বিজেপি নেতৃত্বাধীন চৰকাৰে অৰুণাচল আৰু মিজোৰামত বিমানবন্দৰ, ৰেইলসেৱা আদিৰ প্ৰসাৰ ঘটাইছে।

এতিয়াৰে পৰা বিভিন্ন ক্ষেত্ৰত জন্মু-কাশ্মীৰতো কেন্দ্ৰীয় চৰকাৰে উন্নয়নমূলক আঁচনি বা কাম হাতত ল’ব।ৰাজ্যখনত উদ্যান শস্যকে ধৰি কৃষি ক্ষেত্ৰৰো বিকাশ সাধন কৰা হ’ব বুলিও তেওঁ কয়।

তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অধিক মনোনিবেশ কৰাৰো আশ্বাস প্ৰদান কৰে কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে।

‘উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য ৰাজ্যসমুহকে ধৰি লাদাখ, জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশত অৰ্থনৈতিক নৱ-জাগৰণ আনিবলৈ কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা যুগুত কৰিছে বুলিও সিঙে কয়।

উল্লেখযোগ্য যে,  উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে ৩৭১ অনুচ্ছেদক লৈ সংকিত হোৱাৰ কাৰণ নাই  বুলি মন্তব্য কৰি সিঙে ৩৭০ আৰু ৩৭১ অনুচ্ছেদৰ মাজত কোনোধৰণৰ মিল নাই বুলি কোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত সুকীয়া সংবিধানৰ ব্যৱস্থা নাই বুলি উল্লেখ কৰে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd