বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী অসমৰ বক্সাৰ যমুনা বড়োৱে দেওবাৰে কাজাখস্তানৰ নুৰ-চুলতানত অনুষ্ঠিত হৈ থকা এলোৰ্ডা কাপত কাজাখস্তানৰ আনেল চাকিশক ছেমিফাইনেলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে।
যমুনাই আনেল চাকিশৰ বিৰুদ্ধে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই ৫৪ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত ৫-০ ব্যৱধানত জয়লাভ কৰে। ফাইনেলত যমুনা উজবেকিস্তানৰ নিগিনা উক্তাম’ভাৰ সন্মুখীন হ’ব।
যমুনাৰ উপৰিও আন তিনিজন ভাৰতীয় বক্সাৰ ক্ৰমে কালাইভানি শ্ৰীনিবাসন (৪৮ কিলোগ্ৰাম), গীতিকা (৪৮ কিলোগ্ৰাম) আৰু আলফিয়াই (৮১+কিলোগ্ৰাম) আজি ফাইনেলত অৱতীৰ্ণ হ’ব।
আন ভাৰতীয় খেলুৱৈৰ ভিতৰত দুগৰাকী মহিলা বক্সাৰ ক্ৰমে- সাক্ষী (৫৪ কিলোগ্ৰাম) আৰু ছোনিয়া (৫৭ কিলোগ্ৰাম) উজবেকিস্তানৰ নিগিনা উক্তাম’ভা আৰু চিতোৰা তুৰ্দিবেকোভাৰ বিৰুদ্ধে ক্ৰমান্বয়ে ০-৫ আৰু ২-৩ ব্যৱধানত পৰাজিত হৈ অভিযান সমাপ্ত কৰে।
পুৰুষৰ শাখাত ভাৰতীয় বক্সাৰৰ অভিযান ছেমি ফাইনেলতে সমাপ্ত হৈছে। পুৰুষৰ শাখাত কুলদীপ (৪৮ কিলোগ্ৰাম) আৰু জুগনু (৯২ কিলোগ্ৰাম) ক্ৰমে কাজাখাস্তানৰ বক্সাৰ আচিলবেক জালিলভ আৰু আইবেক অৰেলবেৰ হাতত পৰাজিত হয়।
আনহাতে শচীন শিৱাসে (৫৭ কিলোগ্ৰাম) ২০২১ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী কাজাখস্তানৰ চেৰিক তেমিৰঝানোভৰ বিৰুদ্ধে কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰে যদিও জয়ী হোৱাত বিফল হয়।