NORTHEAST NOW (Assamese)

টকিঅ’ৰ লগতে জাপানৰ তিনিখন চহৰত বৃদ্ধি কৰা হ’ল জৰুৰীকালীন অৱস্থাৰ সময়, অনিশ্চয়তাত অলিম্পিক

May 8, 2021 3:18 pm · এন ই নাও নিউজ
Updated: May 8, 2021 4:50 pm

ক’ৰ’নাৰ সংহাৰে দিশহাৰা কৰা জাপানত আজি দেশখনৰ চৰকাৰে জাপানকে ধৰি ইয়াৰ কাষৰীয়া তিনি খন চহৰত জৰুৰীকালীন অৱস্থৰ ম্যাদ আজি পুনৰ বৃদ্ধি কৰা হয়।

অহা ১১ মে’ পৰ্যন্ত উক্ত চহৰ কেইখনত জৰুৰীকালীন অৱস্থা পূৰ্বে ঘোষণা কৰা হৈছিল যদিও শেহতীয়া ক’ৰ’না পৰকিস্থিতিলৈ চাই সমগ্ৰ নে’ মাহ জুৰি টকিঅ’ আৰু ইয়াৰ কাষৰীয়া চহৰ তিনিখনত জৰুৰীকালীন অৱস্থা বাহাল থাকিব বুলি ঘোষণা কৰা হয়।

আজি জাপানৰ প্ৰধানমন্ত্ৰী ইয়োচিদিদো ছুগাই এই ঘোষণা কৰি কয় যে ক’ৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইয়াৰ ফলত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক ২০২১ অনুষ্ঠিত হোৱাৰ বিষয়ত পুনৰ অনিশ্চয়তাই দেখা দিলে।২৩ জুলাইৰ দিনা টকিঅ’ অলিম্পিকৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল।

উল্লেখ্য জাপানত এতিয়া ক’ৰ’নাৰ চতুৰ্থ ঢৌৱে সংহাৰৰ সৃষ্টি কৰিছে। দেশ খনৰ ৰাজধানী টকিঅ’ আৰু ইয়াৰ কাষৰীয়া ওচাকা চহৰত ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ভয়াৱহ ভাবে বৃদ্ধি পাইছে।

ক’ৰ’নাৰ সংক্ৰমণৰ বাবেই জাপানৰ স্থানীয় লোকসকলেও অলিম্পিক অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি আহিছে।

বিশেষকৈ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ অহা বিদেশী খেলুৱৈ আৰু দৰ্শকৰ পৰা ক’ৰ’না অধিক হাৰত বিয়পি পৰাৰ আশংকা কৰা হৈছে।

জাপানৰ চৰকাৰে অলিম্পিকত বিদেশী খেলুৱৈৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব বুলিও পূৰ্বে ঘোষণা কৰিছিল।

কিন্তু বিদেশী খেলুৱৈ অবিহনে অলিম্পিকৰ কোনো অৰ্থ নাথাকিব বুলিও বহুতে আপত্তি কৰিছিল।

Related News