জাপান কৰ্তৃপক্ষই চীনৰ এখন মাছ ধৰা জাহাজ জব্দ কৰিছে। যাৰ ফলত দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাব বুলি বহুতে আশংকা কৰিছে।
জাপান কৰ্তৃপক্ষই কয় যে তেওঁলোকে মাছ ধৰা জাহাজখন পৰিদৰ্শনৰ বাবে ৰখাবলৈ নিৰ্দেশ দিছিল। কিন্তু যেতিয়া জাহাজখনে পলাবলৈ চেষ্টা কৰে তেতিয়া তেওঁলোকে ইয়াক জব্দ কৰে।
সেই সময়ত জাহাজখন জাপানৰ বিশেষ অৰ্থনৈতিক অঞ্চলৰ জলসীমাত নাগাছাকি প্ৰশাসনিক অঞ্চলৰ ওচৰত আছিল। জাপানী মীন সংস্থাৰ উদ্ধৃতি দি বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে জাহাজখনৰ কেপ্তেইনক গ্ৰেপ্তাৰ কৰে। সংস্থাটোৱে জনোৱা মতে, মীন সংস্থাৰ এজন পৰিদৰ্শকে জাহাজখনৰ কেপ্তেইনক পৰিদৰ্শনৰ বাবে ৰখাবলৈ কয় যদিও জাহাজখনে এই নিৰ্দেশ অমান্য কৰি পলায়ন কৰে।
২০২২ চনৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে চীনৰ মাছ ধৰা জাহাজ জব্দ কৰিছে। জাপানৰ এই বিবৃতিৰ প্ৰতি এতিয়াও কোনো সঁহাৰি দিয়া নাই চীনে।
জব্দ কৰাৰ সময়ত জাহাজখনৰ কেপ্তেইনকে ধৰি মুঠ ১১জন লোক আছিল। মীন সংস্থাটোৱে জনোৱা মতে, কেপ্তেইনজন ৪৭ বছৰীয়া চীনা নাগৰিক।
কৰ্তৃপক্ষ আৰু জাপানী সংবাদ মাধ্যমে দাবী কৰিছে যে জব্দ কৰা জাহাজখনত মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰা “টাইগাৰ নেট” আছিল। বহু দেশত এনে জাল ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। টাইৱানক লৈ বেইজিঙৰ সৈতে সম্পৰ্ক উত্তেজনাপূৰ্ণ হৈ থকাৰ সময়তে টকিঅ’ই জাহাজখন জব্দ কৰে।
জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচিয়ে নৱেম্বৰ মাহত বেইজিঙে বলপূৰ্বকভাৱে টাইৱানক নিজৰ দখললৈ আনিলে টকিঅ’ই সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব বুলি দিয়া ইংগিতে চীনক ক্ষুব্ধ কৰি তুলিছে। কেইদিনমান পূৰ্বে টাকাইচিয়ে নিৰ্বাচনত নিৰংকুশ জয়লাভ কৰাৰ লগে লগে বিশেষজ্ঞসকলে আশংকা কৰিছে যে জাপানে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ “শান্তিপূৰ্ণ” স্থিতিৰ পৰা আঁতৰি আহি সামৰিক দিশত মনোনিৱেশ কৰিব।
চীনে দীৰ্ঘদিন ধৰি টাইৱানক নিজৰ ভূখণ্ডৰ অংশ হিচাপে দাবী কৰি আহিছে। জাপানেও ১৯৪৫ চনলৈকে কেইবাদশক ধৰি এই দ্বীপটো দখল কৰিছিল। বেইজিঙে আপোচত সন্মতি নিদিলে টাইৱানক মূল ভূখণ্ডত সংযুক্ত কৰিবলৈ বল প্ৰয়োগ কৰাৰ ভাবুকিও দিছে।
নৱেম্বৰ মাহত চীনৰ বৈদেশিক মন্ত্ৰালয়ে টাকাইচিৰ মন্তব্যক “অত্যন্ত আপত্তিজনক” বুলি অভিহিত কৰিছিল। বেইজিঙে টকিঅ’ৰ ৰাষ্ট্ৰদূতক মাতি আনি নাগৰিকসকলক জাপান ভ্ৰমণ আৰু পঢ়াশুনাৰ বাব যোৱাৰ বিষয়ে পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়।
এই পদক্ষেপৰ ফলত জাপানলৈ অহা চীনা পৰ্যটকৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পায়, যাৰ ফলত পৰ্যটনকে ধৰি বিভিন্ন খণ্ডত জাপানৰ অংশীদাৰবোৰক আঘাত হানে।
তাৰ পিছত দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্ক অৱনতি ঘটিছে। বেইজিঙে বাৰে বাৰে টাকাইচিক তেওঁৰ মন্তব্য শুধৰণি কৰিবলৈ দাবী জনাই আহিছে যদিও টকিঅ’ই এতিয়ালৈকে সেয়া নাকচ কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰীয়ে জাপানক “জুইৰ সৈতে খেলা বন্ধ” কৰিবলৈ সকীয়াই দিছে।
এই উত্তেজনাৰ মাজতে চীন ভ্ৰমণ কৰা জাপানী শিল্পীসকলে শ্ব’ বাতিল কৰিবলৈ বাধ্য হোৱাৰ লগতে কেইবাখনো জনপ্ৰিয় জাপানী ছবিৰ মুক্তি পিছুৱাই দিয়া হৈছে।





