• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

যোৱা ৫ বছৰত অভূতপূৰ্বভাবে হ্ৰাস পাইছে জাপানৰ জনসংখ্যা : লোকপিয়লত পোহৰলৈ আহিল উদ্বেগজনক তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2026 4:46 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাপানৰ শেহতীয়া লোকপিয়লৰ তথ্যত দেখা গৈছে যে দেশখনৰ জনসংখ্যা হ্ৰাস পাই বৰ্তমান ১২ কোটি ৩০ লাখৰ সামান্য ওপৰত আছেগৈ। যোৱা পাঁচ বছৰৰ ব্যৱধানত দেশখনৰ ইতিহাসত এয়া আটাইতকৈ ডাঙৰ জনসংখ্যা হ্ৰাসৰ ঘটনা।

শুকুৰবাৰে জাপানৰ গৃহ মন্ত্ৰালয়ে ২০২৫ চনৰ ৰাষ্ট্ৰীয় লোকপিয়লৰ প্ৰাথমিক পৰিসংখ্যা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ১৯২০ চনৰ পৰা প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে জাপানত এই লোকপিয়ল নিয়মীয়াকৈ চলাই অহা হৈছে।

Apply Now

শেহতীয়া লোকপিয়লৰ তথ্য অনুসৰি, যোৱা বছৰৰ ১ অক্টোবৰলৈকে জাপানৰ মুঠ জনসংখ্যা হৈছে ১২ কোটি ৩০ লাখ ৪৯ হাজাৰ ৫২৪ জন। ২০২০ চনৰ আগৰ লোকপিয়লৰ তুলনাত এই সংখ্যা ৩০ লাখ ৯৬ হাজাৰ ৫৭৫ জনলৈ হ্ৰাস পাইছে, যিটো শতাংশৰ হিচাপত ২.৫ শতাংশ পতন। ২০১৫ চনত জাপানত প্ৰথমবাৰৰ বাবে জনসংখ্যা হ্ৰাস পোৱাৰ অভিলেখ সৃষ্টি হৈছিল। এইবাৰৰ লোকপিয়লৰ জৰিয়তে দেশখনত একেৰাহে তৃতীয়বাৰৰ বাবে জনসংখ্যা কমাৰ ধাৰা অব্যাহত থকাটো স্পষ্ট হৈ পৰিল।

জাপানৰ ৪৭ খন প্ৰশাসনিক অঞ্চলৰ ভিতৰত মাত্ৰ দুখনতহে জনসংখ্যা বৃদ্ধি পাইছে। টকিঅ’ত ১ লাখ ৯৯ হাজাৰ আৰু অ’কিনোৱাত ১ হাজাৰ মানুহ বাঢ়িছে। অৱশ্যে দুয়োখন ঠাইতে জনসংখ্যা বৃদ্ধিৰ হাৰ আগতকৈ বহুত লেহেমীয়া হৈ পৰিছে। বাকী ৪৫ খন প্ৰশাসনিক অঞ্চলতে জনসংখ্যা হ্ৰাস পোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা কমিছে হোক্কাইডোত, য’ত প্ৰায় ২ লাখ ৩৯ হাজাৰ লোক হ্ৰাস পাইছে। ইয়াৰ পিছতে আছে চিজুওকা আৰু হিয়োগো, য’ত ক্ৰমে ১ লাখ ৬৪ হাজাৰ আৰু ১ লাখ ৪১ হাজাৰ মানুহ কমিছে।

পৰিয়ালৰ সংখ্যাৰ ক্ষেত্ৰত অৱশ্যে এক বেলেগ চিত্ৰ দেখা গৈছে। দেশখনত বৰ্তমান মুঠ পৰিয়ালৰ সংখ্যা ৫ কোটি ৭১ লাখ ২৪ হাজাৰ ৫০৭ টা, যিটো যোৱা লোকপিয়লতকৈ প্ৰায় ১২ লাখ ৯৪ হাজাৰ বেছি। ১৯৭০ চনত তুলনামূলক তথ্য সংগ্ৰহ আৰম্ভ হোৱাৰ পৰা এয়াই সৰ্বাধিক পৰিয়াল থকাৰ অভিলেখ। পিছে প্ৰতিটো পৰিয়ালত সদস্যৰ গড় সংখ্যা ২.২৬ ৰ পৰা ২.১৫ লৈ হ্ৰাস পাইছে। দেশখনৰ গৃহ মন্ত্ৰালয়ে জনোৱা মতে জাপানত বয়সস্থ লোকসকলে অকলে থকাৰ প্ৰৱণতা বৃদ্ধি পোৱাই ইয়াৰ প্ৰধান কাৰণ। মন্ত্ৰালয়টোৱে লগতে জনাইছে যে অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত এই লোকপিয়লৰ চূড়ান্ত আৰু বিতং পৰিসংখ্যা ৰাজহুৱা কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd