NORTHEAST NOW (Assamese)

ফুটবল খেলি ৰাজ্যৰ মুখ উজলাইছে ধোনীয়ে; ভাইৰেল মুখ্য মন্ত্ৰীৰ ভাষণৰ ভিডিঅ’

November 2, 2019 11:36 am · এন ই নাও নিউজ

দেশৰ জনসাধাৰণৰ মাজত এনে লোকৰ সংখ্যা বহুত কম ওলাব যিয়ে নেকি মহেন্দ্ৰ সিং ধোনীৰ নাম শুনা নাই বা তেওঁৰ পৰিচয় নাজানে। কেবল দেশতেই নহয়, বিদেশতো অসংখ্য অনুৰাগী আছে ধোনীৰ।

ভাৰতীয় ক্ৰিকেট দলৰ আটাইতকৈ সফল অধিনায়কগৰাকীয়ে অধিনায়কৰ পৰা আঁতৰিলেও তেওঁৰ জনপ্ৰিয়তা সামান্যও হ্ৰাস পোৱা নাই। সেয়াই নহয়, জনপ্ৰিয়তাৰ ক্ষেত্ৰত বৰ্তমান বিৰাট কোহলী, শচীন তেণ্ডুলকাৰকো চেৰ পেলাইছে ধোনীয়ে।

কিন্তু কি আশ্চৰ্যৰ বিষয়। ধোনীৰ পৰিচয় নাজানে তেওঁৰ ৰাজ্যখনৰ স্বয়ং মুখ্য মন্ত্ৰীগৰাকীয়ে। বিশ্বাস নোহোৱাৰে কথা, কিন্তু ভিডিঅ’টো চালেই সকলো জল জল পট পট হৈ পৰিব।

ঝাৰখণ্ডৰ মুখ্য মন্ত্ৰী ৰঘুবৰ দাসে এখন ৰাজহুৱা সভাত স্পষ্টভাৱে কৈছে ধোনী হেনো এগৰাকী ফুটবলাৰ।

শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটি ভিডিঅ’। য’ত মুখ্য মন্ত্ৰী ৰঘুবৰ দাসে স্পষ্টভাৱে কোৱা শুনা গৈছে যে ধোনীয়ে ফুটবল খেলি গোটেই বিশ্বতে ঝাৰখণ্ডৰ নাম উজলাই তুলিছে। ৰাজ্যখনৰ এই যুৱকসকলক লৈ তেওঁ অত্যন্ত গৌৰৱান্বিত।

মুখ্য মন্ত্ৰীয়ে কৈছে,’’ফুটবলত ধোনীয়ে যিধৰণে গোটেই বিশ্বতে ঝাৰখণ্ডৰ নাম উজলাই তুলিছে, মোৰ সপোন, আমাৰ ৰাজ্যৰ বাকী যুৱকসকলেও এনেধৰণে গোটেই বিশ্বতে ফুটবল খেলি খ্যাতি লাভ কৰিব।‘’

ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে ছচিয়েল মিডিয়াত তীব্ৰ সমালোচনা আৰম্ভ হৈছে। মুখ্য মন্ত্ৰীগৰাকীক অশিক্ষিত বুলি এচামে কটাক্ষও কৰিছে।

ৰাজ্যৰ মুখ্য মন্ত্ৰী এগৰাকীয়ে কি কাৰণে এনেধৰণে মুৰ্খৰ দৰে মন্তব্য কৰিলে তাক লৈও প্ৰশ্ন উঠিছে। ৰাজহুৱা সভাত ভাষণ দিওতে বহুতে তেওঁক হোমৱৰ্ক কৰাৰো পৰামৰ্শ দাঙি ধৰিছে।

Related News