বুম বুম বুমৰাহ! টী-২০ বিশ্বকাপ প্ৰতিযোগিতাৰ ‘প্লেয়াৰ অফ দ্য টুৰ্নামেন্ট’ যশপ্ৰীত বুমৰাহ

আই চি চিৰ যিকোনো ইভেণ্ট বা টী-২০ বিশ্বকাপৰ খিতাপ ১১বছৰৰ অপেক্ষাৰ অন্তত দখল কৰে ভাৰতে। শ্বাসৰুদ্ধকাৰী মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰোহিত বাহিনীয়ে ৭ ৰানত জয়লাভ কৰে।

এই বিজয়ী দিনটোত যশপ্ৰীত বুমৰাহ মেন অৱ দ্য মেচ হ’ব পাৰিলেহেঁতেন। অৱশ্যে আইচিচিয়ে দলৰ কঠিন মুহূৰ্তত প্ৰতিযোগিতাখনৰ প্ৰথম অৰ্ধশতক (৫৯ বলত ৭৬ ৰান) সংগ্ৰহ কৰা বিৰাট কোহলীক এই বঁটাৰ বাবে বাছি লয়। প্ৰতিযোগিতাখনৰ মেন অফ দ্য টুৰ্নামেন্টৰ সন্মান লাভ কৰে যশপ্ৰীত বুমৰাহে।

তেতিয়াহ’লে ফাইনেলত বুমৰাহৰ অৱদান কি? এই প্ৰশ্নৰ সহজ উত্তৰ হ’ল ৪ অভাৰত মাত্ৰ ১৮ ৰানত ২ টাউইকেট। তাতোকৈ ডাঙৰ কথাটো হ’ল দক্ষিণ আফ্ৰিকাৰ ইনিংছৰ ১৭ তম অভাৰত বুমৰাহৰ স্পেল।

প্ৰটিয়াছক জয়ী হ’বলৈ ১৮টা বলৰ পৰা মাত্ৰ ২২ ৰানৰ প্ৰয়োজন হৈছিল। কিন্তু আক্ৰমণলৈ আহি মাত্ৰ ২ ৰান দি মাৰ্কো জান্সেনৰ উইকেট দখল কৰিছিল এই সময়ৰ অন্যতম শ্ৰেষ্ঠ পেচাৰ বুমৰাহে।

এই বিশ্বকাপত বুমৰাহে ৮ টা ইনিংছত দ্বিতীয় সৰ্বাধিক ১৫ টা উইকেট দখল কৰে। এইক্ষেত্ৰত তেওঁতকৈ আগবাঢ়ি আছে মাত্ৰ দুজন- ফজলহাক ফাৰুকী আৰু অৰ্শদীপ। দুয়োজনে ১৭টাকৈ উইকেট দখল কৰিছে।

কিন্তু বুমৰাহ আন স্থানত আগবাঢ়ি আছে। মেচৰ আটাইতকৈ জটিল মুহূৰ্তত তেওঁ আক্ৰমণৰ মাজলৈ আহে। তদুপৰি, প্ৰয়োজনীয় ব্ৰেকথ্ৰু আৰু ইকোনমিকেল বলিং তেওঁৰ মূল অস্ত্ৰ। প্ৰতিখন মেচতে তেওঁ গড়ে ৮.২৬ ৰান দিছে আৰু তেওঁৰ ইকনমি মাত্ৰ ৪.১৭ ৰান।

তেওঁতকৈ কম ইকনমি আৰু গড় বলিং কৰা টিম চাউথী আৰু ট্ৰেণ্ট ব’ল্ট গ্ৰুপ পৰ্যায়তে বাহিৰ হয়। ফলত বিশ্বকাপ বিজয়ী বুমৰাহ ইমান আগুৱাই গৈছে আৰু দলৰ জয়ত প্ৰভাৱ পেলাইছে, সেইবাবেই তেওঁ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ বঁটাৰ যোগ্য!