• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি হীৰুদাৰ স্মৃতিদিৱস; ‘ভালপোৱাৰ বোকামাটি’ গচকি ‘বকুল ফুলৰ দৰে’ উৰি আহিছে ‘জোনাকৰ পখী’

ৰাজেন শৰ্মা, গুৱাহাটী by ৰাজেন শৰ্মা, গুৱাহাটী
July 4, 2024 11:29 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱ প্ৰজন্মৰ তাৰুণ্য তগবগৱো ওঁঠত ওলমি থাকে যাৰ কবিতাৰ ভাবোচ্ছ্বাসিত গধুৰ পংক্তি, সেই কবি হীৰুদাৰ আজি দ্বাদশ মৃত্যু বাৰ্ষিকী। আজিৰ দিনটোৱেই আছিল ‘সুগন্ধি পখিলাৰ কবি’ হীৰুদা আঁতৰি যোৱাৰ দিন। কবিতা ক্লান্ত হোৱাৰ দিন!

কবিগৰাকীৰ অসংখ্য গুণমুগ্ধই আজি কবিজনক শ্ৰদ্ধাৰে সোঁৱৰিছে। কবিজনাৰ স্মৰণত ছ’চিয়েল মিডিয়াতো অজস্ৰজনে পোষ্ট দিছে।

অসমৰ এই বৰেণ্য কবিজনৰ, অৰ্থাৎ হীৰেন ভট্টাচাৰ্যৰ ২০১২ চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটিছিল।

Apply Now

অসমীয়া কাব্য সাহিত্যত প্ৰেম আৰু ৰ’দালিৰ ৰহন সানি কাব্যপ্ৰেমীক আন্দোলিত কৰি তোলা সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য, আমাৰ অসমীয়াৰ হিয়াৰ আমঠু হীৰুদা। অসমীয়া কবিতাৰ সকলো শ্ৰেণীৰ পাঠকৰ বাবে ৰসাস্বাদন কৰিব পৰা এলানি কবিতাৰে হীৰুদাই অসমীয়া সাহিত্যত সৃষ্টি কৰি থৈছে এটা আলফুলীয়া কাব্য কান্তিৰ অননুকৰণীয় ধাৰা।

১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত জন্মগ্ৰহণ কৰা হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ গুণগ্ৰাহী অলেখ। সম্ভৱত: অসমীয়া কাব্যজগতত ইও এক বিৰল উদাহৰণ। কাব্যপ্ৰেমীৰ অন্তৰত হীৰুদাই প্ৰোথিত কৰি থৈ যোৱা শব্দৰ নিৰ্ভাৰ ঐন্দ্ৰজালিকতাই সুখৰ দিনতে নহয়, দুখৰ দিনতো বুঁকুজুৰি বৈ থাকে।

অসমীয়া কাব্যজগতত হীৰুদাৰ দৰে জনপ্ৰিয়তা আন কোনো কবিৰে নাই। ইয়াৰ কাৰণ তেওঁৰ কবিতাৰ অনুভৱে অন্তৰ স্পৰ্শ কৰাৰ লগে লগে চিন্তা-চেতনাকো আলোড়িত কৰি তোলে। হীৰুদাৰ প্ৰতিটো কবিতাই একোটা সাৰ্থক কবিতা।

সুগন্ধি পখিলা কবি তথা প্ৰেম আৰু ৰ’দালিৰ কবি হীৰুদাৰ কবিতাত আছে মাটিৰ গোন্ধ। ‘ভালপোৱাৰ বোকামাটি’ৰে হীৰুদাই কাব্যপ্ৰেমীৰ অন্তৰত ‘সুগন্ধি পখিলা’ৰ সৃষ্টি কৰি গৈছে।

তেওঁৰ কবিতাৰ কাবিক্যতা আৰু কথনশৈলীত আছে অন্য মাত্ৰা।কবিতা কম ভালপোৱা বা কমকৈ বুজি পোৱা লোকৰ বাবেও হীৰুদাৰ কবিতা আছিল তেনেই সহজবোধ্য তথা সমানে প্ৰিয়।

“তুমিতো জানাই এই কবিৰ আৰু একো নাই। এটাই মাথোঁ কামিজ, তাৰো ছিগো ছিগো চিলাই…” হয়তো আছিল হীৰুদাৰ আটাইতকৈ চিনাকি ছন্দ।

সেইদৰে “ফুল-আলসুৱা তোমাৰ / মুখৰ শইচ-সোণালী হাঁহি /অযুত তৰাৰ ঘুমটি ভাঙি / যেন সূৰ্য আহিছে নামি!…আন এটি জনপ্ৰিয় পংক্তি।

চিৰসেউজ হৈ থকা হীৰুদাৰ এই কবিতাবোৰৰ মাজতে আজি কাব্যপ্ৰেমীসকলে হীৰুদাক বিচাৰি পায়। হীৰুদাৰ শব্দৰ থুনপাক, যাদুকৰী ছন্দৰ কোনো তুলনা অসম্ভৱ।

নিজৰ কবিতাৰ দৰেই কবি হীৰুদা আজি অমৰ, হীৰুদাৰ মৃত্যু আজি এটা শিল্প। (মৃত্যুওতো এটা শিল্প/জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য্য -হীৰুদা)।

‘ভালপোৱাৰ বোকামাটি’ বিচাৰি ফুৰা কবি হীৰুদাৰ সুগন্ধি কবিতাৰ ছন্দই সদায়েই কাব্যপ্ৰেমীৰ অন্তৰৰ আৱৰণ খুলি হৃদয় জুৰায়।

অসমীয়া ভাষাত হীৰুদাৰ ১৩ খন কবিতা পুথি প্ৰকাশ পোৱাৰ উপৰি বাংলাতো প্ৰকাশ পাইছে  ২ খন কবিতা পুথি। অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে হীৰুদাক ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০০ চনত অসম উপত্যকা বঁটাৰে সন্মানিত কৰা হয়।

আনহাতে, সাহিত্য কৃতিৰ স্বীকৃতি স্বৰূপে বিষ্ণু ৰাভা বঁটা, ৰাজাজী পুৰস্কাৰ বঁটা, ছোভিয়েট দেশ নেহৰু বঁটা আদিৰেও তেওঁ সন্মানিত হৈছিল।

অসমীয়া কাব্যপ্ৰেমীক সদায় অনুভৱৰ পৃথিৱীখনলৈ আকৰ্ষণ কৰি অহা হীৰুদাৰ স্মৃতি কবিৰ ভাষাৰে ‘বকুল ফুলৰ দৰে, জোনাকৰ পখী উৰে….এন্ধাৰে এন্ধাৰে।

আজি কবিগৰাকীৰ দ্বাদশ সংখ্যক মৃত্যু বাৰ্ষিকীত আমিও কবিগৰাকীলৈ যাঁচিছো একাজলি শ্ৰদ্ধাঞ্জলি। 

 

ৰাজেন শৰ্মা, গুৱাহাটী

ৰাজেন শৰ্মা, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

September 19, 2026 1:30 pm
দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

September 19, 2026 1:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd