NORTHEAST NOW (Assamese)

অবৈধ মাটি খনন আৰু কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ জাতীয় সংগ্ৰামী সেনা

February 25, 2022 3:09 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ

আজি শিৱসাগৰ জিলা বন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি এক প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা, অসমে।

শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত অসাধু চক্ৰই অবৈধভাৱে ভূমি, শিল, কয়লা খনন কৰাৰ বিৰুদ্ধে এইদৰে শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা, অসমে।

উল্লেখ্য যে ঐতিহাসিক ৰূপহী পথাৰ তথা পহুগড়তো ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত ভূমি খনন কৰি থকা বুলি দাবী কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনাই।

লগতে পঢ়ক: ইউক্ৰেইনত আৱদ্ধ শুৱালকুছিৰ ছাত্ৰী; যুদ্ধভূমিৰ পৰা দুৰ্দশাৰ কথা বৰ্ণনা কৰি প্ৰেৰণ কৰিলে ভিডিঅ’ বাৰ্তা

ইপিনে, অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধেও সৰৱ হৈ উঠিছে সংগঠনটো।

শিৱসাগৰত চলি থকা অবৈধ মাটি, শিল খনন আৰু অবৈধ কয়লা চিণ্ডিকেট বন্ধ নকৰিলে ইয়াতকৈও ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি সকীয়াই দিয়ে সংগঠনটোৰ নেতা চিতু বৰুৱাই।

Related News