বজাৰলৈ আহিল আন এখন বাইক। কিন্তু এইখন কোনো সাধাৰণ মটৰ চাইকেল নহয়। ক্ৰুজাৰ বাইক জাৱা ৪২ ববাৰ (Jawa 42 Bobber)। শুকুৰবাৰে কোম্পানীটোৱে বাইকখনৰ নতুন ৰঙৰ ভেৰিয়েন্ট মুকলি কৰিছে। আকৰ্ষণীয় গ্রাফিক্স ডিজাইন যোগ দিয়া হৈছে। বাইকখনৰ নাম ৰেড শ্বিন। বাইকখনৰ মূল্য ৰখা হৈছে ২.২৯ লাখ টকা।
ৰয়েল এনফিল্ডৰ অন্যতম প্ৰতিদ্বন্দ্বী হৈছে জাৱা মটৰ চাইকেল। এই কোম্পানীৰ বাইকৰ ৰূপ আৰু ডিজাইন বহুতে ভাল পায়। কিছুদিন পূৰ্বে কোম্পানীটোৱে নিজৰ ব্লেক মিৰৰ ভেৰিয়েণ্টটোও মুকলি কৰিছিল। এনে ষ্টাইলিছ মটৰ চাইকেল বাইক প্ৰেমীৰ মাজত ক্ৰমান্বয়ে গ্ৰহণযোগ্য হৈ পৰিছে।
ইঞ্জিন আৰু ফিচাৰ্ছ
নতুনকৈ মুকলি কৰা ৰেড শ্বিনৰ বিশেষ বৈশিষ্ট্য হ’ল বাইকৰ ফিউৱেল টেংকৰ ক্ৰ’ম ডিজাইনত ৰঙা ৰঙৰ স্পৰ্শ। ইয়াৰ উপৰিও ইয়াত প্ৰিমিয়াম ডাইমণ্ড কাট এলয় হুইল পোৱা যাব। বাইকখনৰ ইঞ্জিনৰ স্পেচিফিকেশন আৰু ফিচাৰ একেই ৰখা হৈছে। আৰু জাৱা ৪২ ববাৰত পাব ৩৩৪ চিচি লিকুইড কুল্ড ইঞ্জিন যিয়ে সৰ্বোচ্চ ২৯.৯ পিএছ শক্তি আৰু ৩০ এনএম টৰ্ক উৎপন্ন কৰিব পাৰে।
এইখন ৬ স্পীড গিয়াৰবক্স আৰু স্লিপ-এচিষ্ট ক্লাচৰ সৈতে আহে। ছাচপেনচনৰ ক্ষেত্ৰত বাইকখনৰ সন্মুখভাগত পাব টেলিস্কোপিক ফৰ্ক আৰু গেছ চাৰ্জ মনোশ্বক। ক’তো কোনো পৰিৱৰ্তন কৰা হোৱা নাই।
বাইকখনৰ দুয়োটা চকাতে ডিস্ক ব্ৰেক আৰু ডুৱেল চেনেল এণ্টি লক ব্ৰেকিং চিষ্টেম পোৱা যাব। এই ফিচাৰ্ছে ব্ৰেকিঙৰ সময়ত বাইকখন নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। ফিচাৰ্ছৰ ক্ষেত্ৰত কেইবাটাও সুবিধা আছে, যিয়ে বাইকখন ক্ৰেতাৰ বাবে অধিক গ্ৰহণযোগ্য কৰি তুলিব পাৰে।
ইয়াত এল ই ডি লাইটিং, এল চি ডি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, য’ত স্পীড’মিটাৰ, অড’মিটাৰ আৰু ট্ৰিপমিটাৰ দেখা যাব। ইয়াৰ উপৰিও ববাৰ বাইক কিনিব বিচৰাসকলৰ বাবে Jawa Perak এক সস্তা বিকল্প। বজাৰত জাৱা ৪২ ববাৰৰ মূল প্ৰতিদ্বন্দ্বী হৈছে ৰয়েল এনফিল্ড ক্লাছিক ৩৫০। এই বাইকে ইঞ্জিন-ফিচাৰ্ছ আৰু পাৰফৰ্মেন্সৰ ক্ষেত্ৰত এনফিল্ডক প্ৰত্যাহহ্বান জনাইছে।
ভেৰিয়েণ্ট অনুসৰি Jawa 42 Bobber বাইকৰ মূল্য
মুনষ্টোন হোৱাইট – ২,০৯,৫০০ টকা
মিষ্টিক কপাৰ স্পক হুইল – ২,১২,৫০০ টকা
মিষ্টিক কপাৰ এলয় হুইল – ২,১৮,৯০০ টকা
জেচপাৰ ৰেড ডুৱেল টোন স্পক হুইল – ২,১৫,১৮৭ টকা
জেচপাৰ ৰেড ডুৱেল টোন এলয় হুইল – ২,১৯,৯৫০ টকা
ব্লেক মিৰ’ৰ – ২,২৯,৫০০ টকা
ৰেড শ্বিন – ২,২৯,৫০০ টকা।