NORTHEAST NOW (Assamese)

JNU চৌহদত ধৰ্ণা-প্ৰতিবাদত নিষেধাজ্ঞা; অমান্য কৰিলে ২০,০০০ টকা জৰিমনা

December 12, 2023 2:38 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

বিশ্ববিদ্যালয় চৌহদত আৰু ধৰ্না নহ’ব। বিশ্ববিদ্যালয় চৌহদৰ একাডেমিক ভৱনৰ পৰা ১০০ মিটাৰৰ ভিতৰত ধৰ্ণা প্ৰতিবাদ কৰিলে এজন ছাত্ৰই ২০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব। আনকি গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত এজন শিক্ষাৰ্থীক বহিষ্কাৰ কৰাও হ’ব পাৰে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (JNU) কৰ্তৃপক্ষই এনে নিৰ্দেশনা জাৰি কৰিছে। তদুপৰি দেশ বিৰোধী শ্লোগান দিয়া বা কোনো ধৰ্ম, জাতি বা সম্প্ৰদায়ক উচটনি দিয়াৰ অভিযোগ প্ৰমানিত হ’লে যিকোনো শিক্ষাৰ্থীক ১০ হাজাৰ টকা জৰিমনা বিহা হ’ব।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিৰ্দেশনা জাৰি কৰিছে যে জে এন ইউৰ শৈক্ষিক ভৱনৰ ১০০ মিটাৰ ভিতৰত ধৰ্ণা আন্দোলন অনুষ্ঠিত কৰিব নোৱাৰিব। শৈক্ষিক ভৱনত বিশ্ববিদ্যালয়খনৰ ভিচি, অধ্যক্ষ, ডীন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়াসকলৰ কাৰ্যালয় আৰু বাসগৃহও অন্তৰ্ভুক্ত আছে।

লগতে পঢ়কঃ উত্তৰসূৰীৰ ক্ৰিকেটৰ ছন্দত জীপাল বিজয় মাৰ্চেন্ট ট্ৰফী; দ্ৰাবিড়-পুত্ৰৰ বিৰুদ্ধে বিস্ফোৰক ছেহৱাগ পুত্ৰ

জেএনইউৰ মুখ্য প্ৰক্টৰ বিষয়াই জনোৱা মতে, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ অনুশাসন আৰু সঠিক আচৰণ মানি চলিবলৈ ২৪ নৱেম্বৰত বিশ্ববিদ্যালয়খনৰ কাৰ্যনিৰ্বাহক সমিতিয়ে এই নিৰ্দেশনাত অনুমোদন জনাইছে।

এই নিৰ্দেশনা অনুসৰি জেএনইউৰ শৈক্ষিক ভৱনৰ ১০০ মিটাৰৰ ভিতৰত ধৰ্ণা, পোষ্টাৰ লৈ প্ৰতিবাদ, অনশন বা আন কোনো ধৰণৰ আন্দোলন চলালে ২০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব নাইবা বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰৰ সন্মুখীন হ’ব লাগিব।

জে এন ইউৰ নিৰ্দেশনাত লগতে জনোৱা হৈছে যে ধৰ্না-আন্দোলনৰ উপৰিও নৱাগতসকলৰ বাবে আদৰণি পাৰ্টি, চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিদায় পাৰ্টি বা ডিজে অনুষ্ঠান কৰিলে আগতীয়াকৈ অনুমতি ল’ব লাগিব। নহ’লে শাস্তিৰ সন্মুখীন হ’ব লাগিব। সেইক্ষেত্ৰত শিক্ষাৰ্থীয়ে ৬ হাজাৰ টকা জৰিমনা ভৰিব লাগিব।

লগতে পঢ়কঃ নাগাৰ লগত বিচ্ছেদ অতীত! বহুদিনৰ মূৰত এক নতুন অধ্যায় আৰম্ভ কৰিলে সামন্থাই

উল্লেখ্য যে যোৱা সপ্তাহত চলিত বৰ্ষৰ মাৰ্চ মাহত এক ঘটনাৰ ভিত্তিত ঐশী ঘোষক ১০ হাজাৰ টকাৰ জৰিমনা আদায় দিয়াৰ পত্ৰ দিয়া হৈছে। 

Related News