ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, শ্ৰম আদি বিভাগৰ প্ৰধান সচিব তথা বঙাইগাঁও জিলাৰ অভিভাৱক সচিব ড: জে বি এক্কা বুধবাৰে বঙাইগাঁও জিলাত উপস্থিত হৈ জিলাখনৰ ক’ভিড ভেকচিন প্ৰদান সম্পৰ্কত বুজ লয়।
তেওঁ জিলাখনত উপস্থিত হৈ জিলাখনৰ ভাওলাগুৰি নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ আদৰ্শ ক’ভিড ভেকচিন প্ৰদান কেন্দ্ৰ চেন্ট এলবাৰ্ট হাইস্কুল পৰিদৰ্শন কৰে।
উক্ত ভেকচিন প্ৰদান কেন্দ্ৰটোত উপস্থিত হৈ তেওঁ তাত ভেকচিন ল’বলৈ গোট খোৱা হিতাধিকাৰীসকলৰ লগতো বাৰ্তালাপ কৰে।
পৰিদৰ্শনকালত তেওঁৰ সৈতে উপস্থিত থকা জিলা উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াই জিলাখনত ক’ভিড ভেকচিন সন্দৰ্ভত বিভিন্ন তথ্য অৱগত কৰে।
তাৰ পিছত প্ৰধান সচিবগৰাকী বঙাইগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে আৰু তাত নিৰ্মীয়মান আই চি ইউ কক্ষও পৰিদৰ্শন কৰে।
তেওঁৰ সৈতে উপস্থিত থাকে বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী।তাৰ পিছত প্ৰধান সচিবগৰাকী উত্তৰ শালমাৰা ৰাজ্যিক চিকিৎসালয়ো পৰিদৰ্শন কৰে ৷
তেওঁ জিলাখনত ক’ভিড সন্দৰ্ভত বঙাইগাঁও জিলা স্বাস্থ্য সেৱা সমিতিয়ে লোৱা ব্যৱস্থাৱলী চাই সন্তোষ প্ৰকাশ কৰে। জিলাখনৰ অভিভাৱক সচিবগৰাকীৰ পৰিদৰ্শনকালত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীলমাধৱ দাসকে ধৰি আন চিকিৎসা বিষয়ববীয়াসকলে সংগ দিয়ে।