JEE Advance 2024 ৰ ফলাফল ঘোষণা; ৩৫৫ নম্বৰেৰে প্ৰথম স্থান লাভ দিল্লীৰ বেদ লাহোতিৰ

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

দেওবাৰে ঘোষণা কৰা হ’ল Joint Entrance Exam Advanceৰ ফলাফল। ৪৮ হাজাৰ ২৪৮ গৰাকী পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে। পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ মাজত মাত্ৰ ৭ হাজাৰ ৯৬৪ গৰাকী ছাত্ৰী। দিল্লী জ’নৰ পৰা বেদ লাহোতিয়ে চলিত বৰ্ষত যৌথ প্ৰৱেশ পৰীক্ষা এডভান্সত প্ৰথম স্থান দখল কৰে। মন কৰিব যে দেশৰ ২৩ খন IIT ত নামভৰ্তিৰ বাবে JEE Advanced পৰীক্ষা অনুষ্ঠিত হয়। এইবাৰ ১ লাখ ৮০ হাজাৰ ২০০ পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত ১ আৰু ২ নং পেপাৰৰ উত্তৰ দিবলৈ অৱতীৰ্ণ হৈছিল।

ইফালে ই এইচ এ আৰৰ জে ই ই এডভান্সড পৰীক্ষাত শীৰ্ষস্থান দখল কৰা বেদে ৩৬০ নম্বৰৰ ভিতৰত ৩৫৫ নম্বৰ লাভ কৰে। ইফালে এইবাৰ সৰ্বভাৰতীয় পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰা আদিত্যও দিল্লী জ’নৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। সেইদৰে ছাত্ৰীৰ ভিতৰত দ্বীজা ধৰ্মেশকুমা ৰাপাটেলে সৰ্বাধিক নম্বৰ লাভ কৰে। তেওঁ ৩৬০ নম্বৰৰ ভিতৰত ৩৩২ নম্বৰ লাভ কৰে। তেওঁ বম্বে জ’নৰ প্ৰাৰ্থী।

লগতে পঢ়কঃ আপুনি জানেনে এজন IAS,IPS অথবা IFS বিষয়াই কিমান দৰমহা লাভ কৰে? কোনসমূহ চৰকাৰী সুবিধা লাভ কৰে তেওঁলোকে! পঢ়ক এই প্ৰতিবেদন

জ’ন-ৱাইজ ফলাফলৰ ক্ষেত্ৰত এইবাৰ শীৰ্ষত আছে দিল্লী। দিল্লী মণ্ডলৰ ১০ হাজাৰ ২৫৫ গৰাকী প্ৰাৰ্থীয়ে এইবাৰ জেইই এডভান্সত ক্লিয়াৰ কৰিছে। ইফালে, আই আই টি বম্বে জ’নৰ ৯ হাজাৰ ৪৮০, কানপুৰ জ’নৰ ৪ হাজাৰ ৯২৮ আৰু ভুৱনেশ্বৰৰ ৪ হাজাৰ ৮১১ গৰাকী এইবাৰ উত্তীৰ্ণ হৈছে।

মেধাৰ তালিকাত শীৰ্ষ ১০ গৰাকীৰ ভিতৰত ৪ গৰাকী আই আই টি-মাদ্ৰাজ জ’নৰ আৰু ৩ গৰাকীকৈ আই আই টি-দিল্লী আৰু বম্বে জ’নৰ। আই আই টি-দিল্লী জ’নৰ পৰা আদিত্যই দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে আই আই টি-মাদ্ৰাছ জ’নৰ পৰা ভোকগলাপল্লী সন্দেচে তৃতীয় স্থান লাভ কৰিছে।

বাকী শীৰ্ষ ১০ গৰাকী প্ৰাৰ্থী হ’ল – ৰিধাম কেদিয়া (ৰূৰকী), পুট্টি কুশল কুমাৰ (মাদ্ৰাজ), ৰাজদ্বীপ মিশ্ৰ (বম্বে), দ্বীজ ধৰ্মেশকুমাৰ পেটেল (বম্বে), কোডৰু তেজেশ্বৰ (মাদ্ৰাজ), ধ্ৰুৱিন হেমন্ত দোষী (বম্বে), আৰু আল্লাদবয়না এছ এছ ডি বি ( মাদ্ৰাজ)।

লগতে পঢ়কঃ দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ জয়জয়-ময়ময় অৱস্থা; নীটত উত্তীৰ্ণ হ’ল চৰকাৰী স্কুলৰ ১৪১৪গৰাকী শিক্ষাৰ্থী

ইপিনে, শীৰ্ষ ৫০০ প্ৰাৰ্থীৰ ভিতৰত এইবাৰ মাদ্ৰাজ জ’নৰ ১৪৫, বম্বে জ’নৰ ১৩৬, দিল্লী জ’নৰ ১২২, ৰুৰকী ৪৮, ভুৱনেশ্বৰৰ ২৭ আৰু গুৱাহাটীৰ ৫ গৰাকীয়ে উত্তীৰ্ণ হৈছে।