বোকাখাতত বানে লৈছে সংহাৰী ৰূপ; চৌদিশে বন্যাৰ্তৰ মাজত হাহাকাৰ অৱস্থা

বানপীড়িতক এমুঠি চাউল খোৱাই দায় সামৰিলে নহ'ব, সম্পূৰ্ণ ৰিলিফ মেনুৱেল মতে দিব লাগিব সাহায্য: সোনেশ্বৰ নৰহ

ফটোঃ নৰ্থইষ্ট নাও।

বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ বংকোৱালত বংকোৱাল নেঘেৰিটিং সংযোগী মথাউৰিৰ এক গুৰুত্বপূৰ্ণ অংশ বানে চিঙি পেলোৱাৰ ফলত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। আকস্মিকভাৱে বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানত দিকবিদিক হেৰুৱাই হাহাকাৰ অৱস্থা হৈছে হাজাৰ হাজাৰ পৰিয়ালৰ।

ইতিমধ্যে বানাক্ৰান্ত পৰিয়াল সমুহক অস্থায়ী বান আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। ব্যৱস্থা কৰা হৈছে সাহায্য প্ৰদানৰ। পিছে বান শিৱিৰ সমুহত বানপীড়িত ৰাইজে  সঠিক ৰূপত বান সাহায্য পাইছেনে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

এই উদ্দেশ্যে বোকাখাতৰ প্ৰতিটো বান আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰি সজাগতা সৃষ্টিৰ লগতে দাবী সম্বলিত বিশেষ জাননী আঁৰি দিছে জীপাল কৃষক শ্ৰমিক সংঘই। এই অনুসৰি

■ আওপুৰণি ৰিলিফ মেনুৱেলখন সংশোধন কৰি বৰ্তমানৰ বজাৰ মূল্যত আক্ৰান্ত পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে জীপাল কৃষক শ্ৰমিক সংঘই।

■SDRF আৰু NDRF নীতি অনুসৰি প্ৰাকৃতিক দুর্যোগত ক্ষতিগ্রস্ত ৰাইজে কৃষি, ঘৰুৱা সম্পদ আৰু পশুধনৰ বাবদো উচিত ক্ষতিপূৰণৰ দাবী সংগঠনটোৰ।

■ইফালে সকলো বিভাগ মিলি যৌথ সমীক্ষাৰ কাম সম্পূৰ্ণ কৰাৰো তুলিছে দাবী।

■লগতে বৃহৎ নদী বান্ধ বন্ধৰো সজোৰে দাবী তুলি ধৰিছে সংগঠনটোৱে।

বোকাখাতত বানৰ সংহাৰী ৰূপ। ফটোঃ নৰ্থইষ্ট নাও।

উল্লেখযোগ্য যে প্ৰলয়ংকাৰী বানে বাৰে বাৰে অসমৰ থলুৱা ৰাইজক সৰ্বস্বান্ত কৰিছে তাত কাৰো দ্বিমত নাই। দৰাচলতে ধন জনৰ হানি কৰি জাতিটোৰ ৰাজহাঁড় নোহোৱা কৰিছে এই প্ৰলয়ংকাৰী বানে।

কিন্তু লক্ষণীয় কথা যে এই প্রাকৃতিক দুর্যোগৰ সৈ’তে মোকাবিলা কৰিবলৈ চৰকাৰৰ নীতিৰ ভিতৰতে থকা বহু সা-সুবিধা তথা অধিকাৰৰ কথা সম্পৰ্কে যুগ যুগ ধৰি অজ্ঞ সাধাৰণ গঞা।

পৰিতাপৰ কথা ইয়াৰ তথ্য সন্দৰ্ভতো নির্লিপ্ত তথা নথিবিহীন চৰকাৰ। যাৰ বাবে এতিয়া বান আশ্ৰয় শিৱিৰ সমুহত দাবী সম্বলিত জাননী আঁৰি ৰাইজৰ সকলোধৰণৰ সম্পদৰ ক্ষয়-ক্ষতিৰ মূল্যৰ দাবী তুলি ধৰাৰ লগতে সজাগতাৰ সৃষ্টি কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই।

ইফালে সাধাৰণ গঞাৰ অজ্ঞতা আৰু সৰলতাৰ সুযোগ লৈ চৰকাৰে যুগ যুগ ধৰি ভুক্তভোগীসকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ জীপালৰ।

তদুপৰি, ৰাজ্যিক দুর্যোগ সাহায্য পুঁজি (SDRF) আৰু ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য (NDRF) পুঁজিৰ শিতান থকা সম্পৰ্কে বানাক্ৰান্তৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে সংগঠনটোৱে।  লগতে SDRF ৰ নীতি অনুসৰি কি কি দিশত সাহায্য লাভ কৰিব পাৰি তাৰ সম্যক তালিকা এখন প্রকাশ কৰি আঁৰি দিয়া হৈছে প্ৰতিটো আশ্ৰয় শিৱিৰত।

বান সাহায্য শিৱিৰত জীপালৰ সজাগতা অভিযান। ফটোঃ নৰ্থইষ্ট নাও।

তালিকাত উল্লেখ কৰা মতে- SDRF ৰ নীতি অনুসৰি এজন পূৰ্ণ বয়স্ক মানুহে পাব লগীয়া চাউলৰ পৰিমাণ ৬০০ গ্ৰাম, দাইল ১০০ গ্ৰাম, মিঠাতেল ৩০ মিঃ লিঃ, গুৰ ১০০ গ্ৰাম, চিৰা ৬০০ গ্ৰাম, নিমখ ৩০ গ্ৰাম।

সেইদৰে প্রাকৃতিক দুর্যোগৰ ফলত এজন লোকে হাত ভৰি চকু হেৰুৱালে ৭৪,০০০টকা (৪০%-৬০% অক্ষম হলে) প্ৰদান কৰাৰ ব্যৱস্থা কৰা। ৬০% অক্ষম হলে ২.৫ লাখ টকা, সাতদিনতকৈ বেছি চিকিৎসাধীন হ’লে ১৬০০০টকা, সাতদিনতকৈ কম চিকিৎসাধীন হ’লে ৫৪০০ টকা,আৰু মৃত্যুৰ বাবদ SDRF ৰ ৪০০০০০টকা, কেন্দ্রীয় সাহায্য পুঁজিৰ ২,০০,০০০টকা ধৰি সর্বমুঠ ৬,০০,০০০টকা যদিও সৰ্বমুঠ এককোটি টকা প্ৰদানৰ দাবী জনাইছে জীপাল কৃষক শ্ৰমিক সংঘই।