NORTHEAST NOW (Assamese)

মহানুভৱতা! চাৰি মাহত প্ৰায় ৩১হাজাৰ কোটি টকা দান কৰিলে এইগৰাকী মহিলাই

December 17, 2020 8:54 pm · এন ই নাও নিউজ
মাকেঞ্জী স্কট।

দান কৰাটো সকলোৰে বাবে সহজ কাম নহয়। বিশ্বত এনে বহু ধনাঢ্য ব্যক্তি আছে যিয়ে দান কৰাৰ ক্ষেত্ৰত কাৰ্পণ্য কৰা দেখা যায়।

আনহাতে, আন একাংশ এনে ধনী ব্যক্তি আছে যি দান কৰিবলৈ সদায় আগ্ৰহী হৈ থাকে। বিশ্বৰ এনে মহানুভৱসকলৰ মাজত এগৰাকী বিত্তশালী মহিলাও আছে যাৰ নাম দান কৰাৰ বাবেই বাতৰিৰ শিৰোণামালৈ আহিছে।

ই-কমাৰ্ছ জায়েন্ট এমাজনৰ প্ৰতিষ্ঠাতা জেফ বেজোছৰ প্ৰাক্তন পত্নী মাকেঞ্জী স্কটে যোৱা চাৰি মাহত প্ৰায় ৪২০ কোটি ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৩১হাজাৰ কোটি টকা বিভিন্ন সাহায্যকাৰী সংস্থাক দান কৰিছে।

মাকেঞ্জীয়ে এটা ব্লগত কৈছে যে কৰ’না মহামাৰীত যিসকল আমেৰিকান লোক ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক তেওঁ সহায় কৰিব বিচাৰে।

মাকেঞ্জী স্কট বৰ্তমান বিশ্বৰ ১৮তম ধনী ব্যক্তি হিচাপে স্থান লাভ কৰিছে। তেওঁৰ বৰ্তমান সম্পত্তিৰ পৰিমান ৬০.৭ মিলিয়ন আমেৰিকান ডলাৰ।

এই সম্পত্তিসমূহৰ অধিকাংশই তেওঁ লাভ কৰিছে প্ৰাক্তন স্বামী জেফ বেজোছৰ পৰা। তেওঁ এতিয়ালৈকে ৩৮০টা দাতব্য সংস্থা আৰু ৬,৫০০টা প্ৰতিষ্ঠানক সাহায্য কৰিছে।

Related News