• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঝাৰখণ্ডত ‘হেমন্তকাল’! ৰাজ্যত ক্ষমতা ধৰি ৰখা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী; ‘শক্তি’ দেখুৱালে হেমন্ত ছ’ৰেনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2024 8:25 am
বিধানসভা নিৰ্বাচনত জয়ী হৈ হেমন্ত ছ’ৰেনে ঝাৰখণ্ডত এক দৃষ্টান্ত গঢ়ি তুলিলে। ফাইল ফটোঃ সংগ্ৰহীত।

বিধানসভা নিৰ্বাচনত জয়ী হৈ হেমন্ত ছ’ৰেনে ঝাৰখণ্ডত এক দৃষ্টান্ত গঢ়ি তুলিলে। ফাইল ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ষমতা অক্ষুণ্ণ ৰাখি হেমন্ত ছ’ৰেনে ঝাৰখণ্ডত এক দৃষ্টান্ত গঢ়ি তুলিলে। ইয়াৰ পূৰ্বে কোনো মুখ্যমন্ত্ৰীয়ে বিধানসভা নিৰ্বাচনত জয়ী হৈ একেৰাহে দুটা কাৰ্যকাল শাসনত বহিব পৰা নাই। শনিবাৰে নিৰ্বাচনত জয়ী হৈ নিজৰ ‘শক্তি’ দেখুৱালে হেমন্তই। ছচিয়েল মিডিয়াতো এটা সৰু বাৰ্তা পোষ্ট কৰিলে।

দাড়ি ভৰ্তি মুখখনত এমোকোৰা হাঁহি। এজন পুত্ৰই তেওঁক সাৱটি ধৰি আছে, কাষত বহি আছে আন এজন। দুই পুত্ৰৰ মুখত আনন্দৰ হাঁহি! ঝাৰখণ্ডৰ ক্ষমতা দখল কৰাৰ পিছত এই ছবিখন পোষ্ট কৰিলে হেমন্তই। লগত মাত্ৰ দুটা শব্দ -‘মোৰ শক্তি’!

Apply Now

নিৰ্বাচনৰ পূৰ্বে হেমন্তৰ দল ঝাৰখণ্ড মুক্তি মৰ্চা চমুকৈ জেএমএমক কেইবাটাও প্ৰশ্নই আগুৰি ধৰিছিল। দুৰ্নীতিৰ পৰা অনুপ্ৰৱেশলৈ- হেমন্তই কাঁইটীয়া বাটেৰে খোজ কাঢ়িব লগা হৈছিল। প্ৰচাৰত নৰেন্দ্ৰ মোডীৰ পৰা অমিত শ্বাহলৈকে শিবু ছ’ৰেনৰ পুত্ৰক বাৰে বাৰে নানা অভিযোগেৰে আক্ৰমণ কৰা হৈছিল।

বহু সমীক্ষা বিশেষজ্ঞইও হেমন্তৰ ‘কামবেক’ক লৈ সন্দেহ প্ৰকাশ কৰিছিল। এগজিট পোলো তেওঁৰ বিৰুদ্ধে আছিল। কিন্তু শনিবাৰে দিনত গণনাৰ কাম আগবাঢ়ি যোৱাৰ লগে লগে ঝাৰখণ্ডৰ ছবিখন স্পষ্ট হৈ পৰিল। ঝাৰখণ্ডৰ ৰাইজে আকৌ এবাৰ হেমন্তৰ ওপৰত আস্থা ৰাখিলে।

৮১ জনীয়া ঝাৰখণ্ড বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন হৈছিল ৪১খন আসনৰ। হেমন্তৰ দলটোৱে মিত্ৰ কংগ্ৰেছ, আৰজেডি আৰু বাওঁ চিপিআইএমএল (লিবাৰেচন)ৰ সৈতে ৫৬ সংখ্যাত উপনীত হয়। কেৱল হেমন্তৰ দলেই পাইছে ৩৪খন আসন। মিত্ৰশক্তিৰ কংগ্ৰেছে ৩০ৰ ভিতৰত ১৬খন, আৰজেডিয়ে ৭ৰ ভিতৰত ৪খন আৰু চিপিআইএমএল (লিবাৰেশ্যন) চাৰিখনৰ ভিতৰত দুখনত জয়লাভ কৰে। আনহাতে বিজেপি ধৰাশায়ী হৈছে। ৬৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিয়ে মাত্ৰ ২১খন আসনহে লাভ কৰিছে। ২০১৯ চনৰ তুলনাত গেৰুৱা শিবিৰৰ আসন আৰু ভোট হ্ৰাস পাইছে।

নিৰ্বাচনৰ ফলাফল স্পষ্ট হোৱাৰ লগে লগে জেএমএমৰ সমৰ্থকসকল উল্লাসিত হৈ পৰে। হেমন্তৰ ঘৰৰ সন্মুখত ৰাইজৰ সমাৱেশ বাঢ়িবলৈ ধৰে। অনুৰাগীসকলে উল্লাসিত হৈ পৰাৰ পূৰ্বে তেওঁৰ দুই পুত্ৰৰ সৈতে এখন ছবি পোষ্ট কৰিছিল হেমন্তই। বুজাই দিলে যে তেওঁৰ সকলো শক্তিৰ উৎস ক’ত! বহুতৰ মতে হেমন্তৰ পাঁচ মাহৰ কাৰাদণ্ড হৈ পৰিছে বিৰোধী মিত্ৰতা ‘ইণ্ডিয়া’ৰ বাবে আশীৰ্বাদ।

ভূমি দুৰ্নীতিৰ সৈতে জড়িত অবৈধ বিত্তীয় লেনদেনৰ গোচৰত চলিত বৰ্ষৰ ৩১ জানুৱাৰীত ঝাৰখণ্ডৰ প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল হেমন্তক। গ্ৰেপ্তাৰৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল। এইবাৰ নিৰ্বাচনত জয়ী হৈ পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ ওলাইছে হেমন্ত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd