শ্ৰদ্ধা ৱাকাৰ কাণ্ডৰ পুনৰাবৃত্তি এইবাৰ ঝাৰখণ্ডত! এজন ব্যক্তিয়ে তেওঁৰ পত্নীক হত্যা কৰাৰ পিছত ১২ টুকুৰা কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে শনিবাৰে সন্ধিয়া চাহেবগঞ্জৰ বোৰিঅ’ আৰক্ষী থানা অঞ্চলৰ এটা পুৰণি ভঙা ঘৰৰ পৰা অৱশিষ্ট মৃতদেহ উদ্ধাৰ কৰে।
আৰক্ষীয়ে কয় যে মহিলাগৰাকীৰ ক্ষণ্ডবিখণ্ড মৃতদেহটো শনিবাৰে সন্ধিয়া উদ্ধাৰ কৰা হৈছে। অভিযুক্তজনক দিলদাৰ আনছাৰী বুলি চিনাক্ত কৰা হৈছে। প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে জানিব পাৰিছে যে দিলদাৰে দুবাৰ বিয়া কৰিছে। যিগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে তেওঁ দিলদাৰৰ দ্বিতীয় পত্নী।
লগতে পঢ়ক: সৰিয়হতলীৰ পৰা উদ্ধাৰ অপহৃত কিশোৰীৰ মৃতদেহ! হত্যাৰ অভিযোগ পৰিয়ালৰ
মহিলাগৰাকী কেইবাদিনো ধৰি সন্ধানহীন হৈ আছিল। তেওঁৰ পৰিয়ালে আৰক্ষীৰ ওচৰত সন্ধানহীন হোৱাৰ অভিযোগ দাখিল কৰিছিল। তদন্তত নামি আৰক্ষীয়ে শনিবাৰে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।
চাহেবগঞ্জৰ আৰক্ষী অধীক্ষকে জনাইছে যে প্ৰাথমিকভাৱে মহিলাগৰাকীৰ দেহ কাটিবলৈ বৈদ্যুতিক কৰট বা তীক্ষ্ণ অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল বুলি অনুমান কৰা হৈছে। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে ৰাজনৈতিক কছৰৎ আৰম্ভ হৈছে। বিজেপিয়ে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
লগতে পঢ়ক: প্ৰতিবাদত উচটনি দিয়াৰ অভিযোগ; গ্ৰেপ্তাৰ অস্কাৰ বিজয়ী প্ৰসিদ্ধ ইৰানী অভিনেত্ৰী তাৰানেহ আলিদাস্তি
বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ প্ৰতুল সহদেৱে কয়, “হেমন্ত ছোৰেন চৰকাৰৰ শাসনকালত ৰাজ্যখনত মহিলাৰ ওপৰত অত্যাচাৰৰ মাত্ৰা বৃদ্ধি পাইছে। তথাপিও চৰকাৰে এনে পদক্ষেপ লোৱা নাই। যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে আমি প্ৰতিবাদ কৰিবলৈ এইবাৰ ৰাজপথত নামিম।”