‘কাশ্মীৰ ফাইলছ’ লাগী, ‘ঝুণ্ড’ এলাগী! বলিউডৰ ছবি প্ৰযোজকে ঘটালে ক্ষোভৰ উদ্গীৰণ

সমাজলৈ শুভবাৰ্তা কঢ়িওৱা আন ছবিসমূহকো কিয় কৰমুক্ত কৰা নহয়?

চৰকাৰে যদি কাশ্মীৰ ফাইলছ কৰমুক্ত কৰিব পাৰে, সমাজলৈ শুভবাৰ্তা কঢ়িওৱা আন চিনেমাসমূহৰ ক্ষেত্ৰত কিয় এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহয়? এই প্ৰশ্ন কৰিছে বলিউডৰ ছবি প্ৰযোজক সৱিতা ৰাজ হিৰেমাথ। এটা ফেচবুক প’ষ্টযোগে তেওঁ লিখিছে যে এখন ছবিক চৰকাৰে কৰমুক্ত কৰিবলৈ কি কি কাৰণ লাগে, সেই বিষয়ে অৱগত হ’বলৈ তেওঁ ঔৎসুক।

উল্লেখযোগ্য যে প্ৰখ্যাত মাৰাঠী পৰিচালক নাগৰাজ মঞ্জুলেৰ পৰিচালনা আৰু সৱিতা ৰাজ হিৰেমাথৰ দ্বাৰা প্ৰযোজিত শেহতীয়া ছৱি ঝুণ্ড (Jhund) উচ্চ প্ৰশংসিত হৈছে। অমিতাভ বচ্ছনে মূল ভূমিকাত অভিনয় কৰা ছবিখনত বিজয় বাৰ্ছে নামৰ এগৰাকী ক্ৰীড়া শিক্ষকৰ জীৱনক উপস্থাপন কৰা হৈছে। নাগপুৰৰ এই ক্ৰীড়া শিক্ষকজনে বস্তি অঞ্চলৰ শিশুসকলক পোহৰৰ বাট দেখুৱাবলৈ শ্লাম ছ’ছাৰ নামৰ এটা এনজিঅ’ গঠন কৰিছিল। এই এনজিঅ’টোৰ দ্বাৰা তেওঁ বস্তিৰ শিশুসকলৰ মাজত ফুটবলৰ শিক্ষা প্ৰদান কৰিছিল।

বিজয় বাৰ্ছেৰ এই অনুকৰণীয় পদক্ষেপকে লৈ নিৰ্মাণ কৰা ঝুণ্ডে মুক্তিলাভ কৰে ৪ মাৰ্চত। কিন্তু চিত্ৰগৃহসমূহত সমাদৰ লাভ কৰাৰ কিছুদিনৰ পাছতে বিবেক অগ্নিহোত্ৰীৰ দ্যা কাশ্মীৰ ফাইলছে মুক্তি লাভ কৰে। ফলস্বৰূপে ঝুণ্ডৰ জনপ্ৰিয়তা কমি আহে। কিন্তু ঝুণ্ডত থকা বিষয়বস্তুসমূহলৈ আঙুলিয়াই প্ৰযোজকগৰাকীয়ে ফেচবুক প’ষ্টটোত লিখিছে যে কাশ্মীৰ ফাইলছৰ দৰেই ঝুণ্ডো এখন অত্যন্ত প্ৰয়োজনীয় ছবি। ছবিখনে কেৱল দৰ্শকৰ প্ৰশংসা লাভ কৰাই নহয়, দেশৰ উন্নতিত অৰিহণা যোগাব পৰা বিষয়বস্তুও ইয়াত সন্নিৱিষ্ট হৈ আছে।

ছবিখনত সমাজৰ পিছপৰা শ্ৰেণীয়ে কেনেদৰে উন্নয়নৰ পথত আগুৱাব পাৰে, সেই বিষয়ে উপস্থাপন কৰা হৈছে। তেনেস্থলত কিয় ছবিখনক চৰকাৰে কৰমুক্ত কৰা নাই বুলিও তেওঁ প্ৰশ্ন কৰে।

উল্লেখযোগ্য যে কাশ্মীৰ ফাইলছ ছবিখনক ইতিমধ্যে উত্তৰপ্ৰদেশ, গুজৰাট, হাৰিয়ানাকে ধৰি বিজেপিশাসিত ৰাজ্যসমূহত কৰমুক্ত ঘোষণা কৰা হৈছে। ফলস্বৰূপে ছবিখনে বিশ্বজুৰি ১১৬ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।

তেনে সময়তে ঝুণ্ডৰ প্ৰযোজকগৰাকীৰ এই ভাষ্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। সঁচাকৈয়ে সমাজলৈ শুভবাৰ্তা কঢ়িওৱা ছবিসমূহৰ ক্ষেত্ৰত চৰকাৰৰ একো কৰণীয় নাই নেকি?