লেট নাইট হ’ষ্ট জিমি কিমেল আৰু ষ্টেণ্ড আপ কমেডিয়ানলৈ পৰিণত হোৱা অভিনেতা জন মুলানীয়ে পৰৱৰ্তী একাডেমী বঁটা হ’ষ্ট কৰাৰ প্ৰস্তাৱ নাকচ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বেও চাৰিবাৰকৈ কিমেলে এই মেগা ইভেণ্ট ইষ্ট কৰিছে।
একাডেমীয়ে এতিয়াও তেওঁলোকৰ হ’ষ্টৰ সন্ধানত আছে।
কিমেলে ইয়াৰ পূৰ্বে ধেমালিতে কৈছিল যে “তেওঁ সদায় চাৰিবাৰকৈ অস্কাৰ আয়োজন কৰাৰ সপোন দেখিছিল যেতিয়া তেওঁক অস্কাৰ ২০২৪ৰ হ’ষ্ট হিচাপে ঘোষণা কৰা হৈছিল।”
ইমান ডাঙৰ অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত কিমেল সদায় জনপ্ৰিয় পছন্দ। লেট নাইট হ’ষ্টগৰাকীয়ে এবিচি চেনেলৰ বাবে তিনিবাৰকৈ এমি বঁটাও হ’ষ্ট কৰিছে। এবিচিয়ে অস্কাৰ বঁটাও টেলিকাষ্ট কৰে।
ইফালে, মুলানীয়েও অহা বছৰ অস্কাৰ হ’ষ্ট কৰিবলৈ অস্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। ইণ্ডিয়া ৱায়াৰৰ সৈতে ইয়াৰ পূৰ্বে হোৱা কথাবাৰ্তাত শিল্পীগৰাকীয়ে কৈছিল যে তেওঁ সৰু সৰু অনুষ্ঠান হষ্ট কৰাটো পছন্দ কৰে৷
উল্লেখ্য যে ‘২৫ বৰ্ষৰ ২ মাৰ্চত অনুষ্ঠিত হ’ব অস্কাৰ৷