NORTHEAST NOW (Assamese)

মোদী কেবিনেটত উত্তৰ-পূবৰ বিকাশৰ দায়িত্ব পুনৰ জিতেন্দ্ৰ সিঙলৈ

May 31, 2019 4:29 pm · এন ই নাও নিউজ
Updated: May 31, 2019 8:45 pm
জিতেন্দ্ৰ সিং। উৎস-ইণ্টাৰনেট

বৃহস্পতিবাৰে সন্ধিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মন্ত্ৰীসভাৰ এগৰাকী ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা জম্মুৰ সাংসদ জিতেন্দ্ৰ সিঙক পুনৰ বাৰ উত্তৰ পূবৰ বিকাশৰ বাবে গঠন কৰা ড’নাৰ মন্ত্ৰণালয়ৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী হিচাপে দায়িত্বভাৰ অৰ্পন কৰা হয়।

মোদী চৰকাৰৰ প্ৰথম কাৰ্য্যকালতো জিতেন্দ্ৰ সিঙে ড’নাৰ মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। বিজেপি নেতৃত্বাধীন অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত উত্তৰ-পূবৰ বিকাশৰ বাবে সুকীয়াকৈ ২০০১ চনত ড’নাৰ মন্ত্ৰণালয় স্থাপন কৰা হৈছিল।

ড’নাৰ মন্ত্ৰণালয়ে উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ আৰ্থ-সামাজিক বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ  সমন্বয়ক হিচাপে বিশেষকৈ আন্তঃগাঠনি উন্নয়ণ, অত্যাবশ্যকীয় সেৱা প্ৰদান, ব্যক্তিগত বিনিয়োগৰ বাবে অনুকূল পৰিবেশ সৃষ্টি, শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত কাম কৰি আহিছে।

ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰেও ড’নাৰ মন্ত্ৰী হিচাপে য়ু পি এ চৰকাৰৰ দিনত কাৰ্য্যভাৰ পালন কৰিছিল।

আনহাতে, বৰ্তমান ড’নাৰ মন্ত্ৰণালয়ে পথ পৰিবহন, ৰে’লৱে, বায়ু পৰিবহন, জল পৰিবহন আদিৰ ক্ষেত্ৰত উড়ান, পাহাৰমালা, আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূব জলপথ আদি প্ৰকল্পৰ সহায়ত কাম কৰি আছে। উত্তৰ-পূবৰ পৰ্যটন ক্ষেত্ৰতো ড’নাৰ মন্ত্ৰাণালয়ে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে।

নৱ নিযুক্ত মোদী কেবিনেটত ড’নাৰ মন্ত্ৰী হিচাপে পুনৰ দায়িত্ব লাভ কৰা জিতেন্দ্ৰ সিঙৰ ওপৰত উত্তৰ-পূবৰ বিকাশৰ বহু প্ৰশ্ন জড়িত হৈ আছে।

Related News