• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেৰালাৰ পৰা জামাতুল মুজাহিদিনৰ সদস্য বৰপেটাৰ আব্দুল মতিনক গ্ৰেপ্তাৰ কলকাতা আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2019 2:18 pm
5eec71ea-28eb-47b1-a244-b7adf4e00662

কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জামাতুল মুজাহিদিনৰ সদস্য বৰপেটাৰ আব্দুল মতিন। ফটো : হিন্দুস্তান টাইমছৰ সৌজন্যত

1.2k
VIEWS
Share on FacebookShare on Twitter

কলকাতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চে বাংলাদেশৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জামাতুল মুজাহিদনৰ সদস্য আব্দুল মতিনক ২০১৪ৰ বৰ্ধমানৰ বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

মুজাহিদিন সদস্য মতিনক বৃহস্পতিবাৰে কেৰালাত আটক কৰাৰ পাছত কলকাতালৈ লৈ অনা হয়। শনিবাৰে সন্ত্ৰাসবাদী সদস্যজনক কলকাতাৰ আদালতত হাজিৰ কৰোৱা হ’ব। হিন্দুস্তান টাইমছৰ এটা বাতৰিত এই কথা প্ৰকাশ পাইছে।

কলকাতা আৰক্ষীৰ সূত্ৰই জানিব দিয়া মতে মতিনৰ ঘৰ অসমৰ বৰপেটাত। মতিনে ২০১০ চনত এখন মাদ্ৰাছাত পঢ়ি থকা সময়তে সন্ত্ৰাসবাদী সংগঠন জামাতুল মুজাহিদনত যোগ দিছিল।

মতিনে আই ই ডি বনোৱা প্ৰশিক্ষণ গ্ৰহণ কৰি আই ই ডি বনোৱা কামত জড়িত হৈ পৰিছিল। পশ্চিমবংগৰ বৰ্ধমান জিলাৰ ছিমুলিয়া মাদ্ৰাছাত অস্ত্ৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ১৫ জন ব্যক্তিৰ ভিতৰত আব্দুল মতিনো আছিল।

২০১৪ চনৰ ২ অক্টোবৰত বৰ্ধমানৰ খাগ্ৰাগড় অঞ্চলৰ এটা ভাড়াঘৰৰ প্ৰথম মহলাত দুৰ্ঘটনাক্ৰমে এটা আই ই ডি বিস্ফোৰিত হৈ দুজন জামাতুলৰ সদস্য নিহত হোৱা ঘটনাৰ পাছতে মতিনে কেৰালালৈ গুচি গৈছিল।

যোৱা ২৮ জানুৱাৰিত পশ্চিমবংগৰ হুগলী জিলাৰ আৰমবাঘ অঞ্চলৰ পৰা বৰ্ধমানৰ বিস্ফোৰণৰ সৈতে জড়িত কেডাৰ কাজি আৰু ছাজ্জাদ আলীক নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে (নিয়া) গ্ৰেপ্তাৰ কৰাৰ পাছতে মতিনক গ্ৰেপ্তাৰ হৈছে। ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা মতিন হৈছে ৩৩ নম্বৰ সদস্য।

২০১৪ চনত ‘নিয়া’ই তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু ২০১৫ চনৰ ৩০ মাৰ্চত বাংলাদেশৰ শ্বেইখ হাছিনা চৰকাৰক হিংসাত্মক সন্ত্ৰাসবাদী আক্ৰমণেৰে উৎখাত কৰি শ্বৰিয়া ভিত্তিক ইছলামিক শাসন প্ৰৱৰ্তনৰ ষড়যন্ত্ৰত জড়িত থকা চাৰিজন বাংলাদেশী নাগৰিকৰ লগতে ২১জন লোকৰ বিৰুদ্ধে এখন বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছিল। ‘হিন্দুস্তান টাইমছ’ৰ বাতৰিটোত ঘটনাটোৰ সৱিশেষ প্ৰকাশ পাইছে।

দীৰ্ঘদিন ধৰি অসমৰ মাদ্ৰাছাসমূহ ইছলামিক সন্ত্ৰাসবাদীৰ ঘাটি বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে বৰপেটাৰ মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰি থকা আব্দুল মতিনৰ জামাতুল মুজাহিদিনত যোগদান তথা গ্ৰেপ্তাৰৰ বাতৰিয়ে স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd