• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ ৰাজনীতিত নতুন সমীকৰণ! আসন লাভ কৰিব নোৱাৰিলেও চমকপ্ৰদ প্ৰদৰ্শন জে এম এমৰ

মাধুৰ্য ফুকন by মাধুৰ্য ফুকন
May 21, 2026 10:25 am
1.2k
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভা নিৰ্বাচন ২০২৬ চনত প্ৰথমবাৰৰ বাবে অকলে প্ৰতিদ্বন্দ্বিতা কৰি ঝাৰখণ্ড মুক্তি মৰ্চাই কোনো আসন লাভ কৰিবলৈ সক্ষম নহ‘লেও প্ৰায় ১.১৬ শতাংশ ভোট লাভ কৰি বিৰোধীৰ পৰম্পৰাগত ভোটবেংকত প্ৰবল জোকাৰণি তুলিছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটে ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে বৃহৎ জয়লাভ কৰাৰ বিপৰীতে, জে এম এমে চাহ বাগিচা আৰু আদিবাসী অধ্যুষিত অঞ্চলসমূহত নিজৰ স্থিতি সবল কৰিছে। বিৰোধীৰ দুৰ্গ হিচাপে পৰিচিত বহু সমষ্টিত জে এম এমৰ প্ৰৱেশে নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় কৰি তুলিছিল।

আয়োগৰ পৰিসংখ্যা অনুসৰি জে এম এমৰ মাজবাট সমষ্টিৰ প্ৰাৰ্থী প্ৰীতি ৰেখা বাৰ্লাই ২৯,১৭২ টা আৰু গোঁসাইগাঁও সমষ্টিত ফেড্ৰিকচন হাস্দাই ২১,৪১৭ টা ভোট লাভ কৰি দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। আনহাতে, ভেৰগাঁৱৰ পৰা প্ৰভাত দাস পানিকাই ২১,৯৯৭ টা, ৰঙাপৰা সমষ্টিত মেথিউ তপ্ন’ৱে ২০,০৬৭ টা আৰু খুমটাইৰ পৰা অমিত নাগে ১৭,০৯০ টা, ডিগবৈত ভৰত নায়কে ১৯,৬৩৮ টা ভোট,ভোট লাভ কৰি ১৫ হাজাৰৰ ঘৰ অতিক্ৰম কৰাৰ লগতে তৃতীয় স্থানত ৰয়।

Apply Now

একেদৰে,টিংখাঙত মহাবীৰ বাস্কেই ১৪,২০৫ টা ভোট, চাবুৱা-লাহোৱাল সমষ্টিত ভূৱেন মুৰাৰীয়ে ১৩,২৬৫ টা ভোট , বিশ্বনাথৰ পৰা তেহাৰু গৌৰে ১২,৫০১ টা, সৰুপথাৰত সাহিল মুণ্ডাই ১১,৮৫২ টা, বৰচলাৰ পৰা আব্দুল মাজনে ৮,৫৫৮ টা আৰু নাহৰকটীয়াৰ পৰা সঞ্জয় বাঘে ৭,৫৬০ টা ভোট লাভ কৰে। আনহাতে, ৰঙানদীৰ পৰা পৱন সাঁওতালে ১১,৮৩২ টা ভোট লাভ কৰি নিজ নিজ সমষ্টিত তৃতীয় স্থান দখল কৰে। ইয়াৰ উপৰিও দুলিয়াজান সমষ্টিত পিটাৰ মিঞ্জে ৮,৩৮৯ টা ভোট লাভ কৰি শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হয়।

নিৰ্বাচনী ফলাফলৰ বিশ্লেষণৰ পৰা স্পষ্ট হৈ পৰিছে যে ঝাৰখণ্ড মুক্তি মৰ্চাৰ এই আকস্মিক উত্থান কেৱল এটা ৰাজনৈতিক পৰিঘটনা নহয়, বৰঞ্চ ই অসমৰ আদিবাসী সমাজৰ দীৰ্ঘদিনীয়া বঞ্চনা আৰু পুঞ্জীভূত ক্ষোভৰ এক বহিঃপ্ৰকাশ। শতিকাজুৰি মৌলিক সমস্যাৰ সৈতে যুঁজি থকা এই শ্ৰমিক তথা আদিবাসী জনসাধাৰণে আজিও তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। ফলস্বৰূপ, নিৰ্বাচনৰ জৰিয়তে প্ৰকাশ পোৱা জে এম এমৰ এই শক্তিশালী প্ৰদৰ্শনক ইমান দিনে শোষিত হৈ থকা এটা জনসমষ্টিৰ মৌন প্ৰতিবাদ আৰু পৰিৱৰ্তনৰ তীব্ৰ আকাঙ্ক্ষা বুলিয়ে অভিহিত কৰিব পাৰি।

মাধুৰ্য ফুকন

মাধুৰ্য ফুকন

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd