• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জামিন নাকচ চাৰ্জিল ইমামৰ, পুনৰ কটাব লাগিব কাৰাগাৰৰ কুঠৰীত

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
October 22, 2021 4:13 pm
Sharjeel Imam
273
VIEWS
Share on FacebookShare on Twitter

জামিন আবেদন খাৰিজ কৰা হৈছে চাৰ্জিল ইমামৰ। দিল্লীৰ এখন আদালতে আজি এই সিদ্ধান্ত লয়।

জামিন আবেদনৰ শুনানিত ন্যায়াধীশ অনুজ আগৰৱালাই কয় যে চাৰ্জিল ইমামে কৰা এটা বিশেষ বক্তব্য সম্পূৰ্ণ সাম্প্ৰদায়িক আৰু সমাজৰ বাবে ক্ষতিকাৰক। সেয়ে তেওঁক জামিন প্ৰদান কৰাটো অনুচিত।

আদালতে কয় যে যদিও সংবিধানে চিন্তা আৰু কথা কোৱাৰ স্বাধিনতা প্ৰদান কৰিছে, তৎসত্বেও চাৰ্জিলৰ বক্তব্য গ্ৰহণ কৰিব নোৱাৰি। অৱশ্যে চাৰ্জিলৰ বিশেষ বক্তব্যটো ভাৰতীয় দণ্ডবিধি আইনৰ ১২৪এ ধাৰা তথা দেশদ্ৰোহীতাৰ গোচৰত পৰিবনে নপৰে, সেই বিষয়ে বিশ্লেষণ কৰাৰ প্ৰয়োজন বুলিও আদালতে মতপোষণ কৰে।

তদুপৰি, উক্ত বক্তব্যৰ পৰৱৰ্তী সময়ত হোৱা হিংসাত্মক ঘটনাৰ স’তে চাৰ্জিলক জড়িত কৰা সম্পৰ্কতো আদালতে কয় যে ইয়াৰ কোনো সাক্ষ্য প্ৰমাণ নাই।

উল্লেখযোগ্য যে কা আৰু এনআৰচিবিৰোধী আন্দোলনৰ সময়ছোৱাত জেএনইউৰ ছাত্ৰ চাৰ্জিলে উত্তেজনা আৰু প্ৰৰোচনামূলক ভাষণ দিয়া বুলি অভিযোগ উঠিছিল।

তেওঁ কৈছিল যে কা আৰু এনআৰচিৰ প্ৰতিবাদত ভাৰতৰ মূল ভূখণ্ডৰ পৰা অসম তথা উত্তৰপূবক বিচ্ছিন্ন কৰিব লাগে। আৰু এইক্ষেত্ৰত মুছলমানসকলে আগভাগ ল’ব লাগে। ভাষণটো তেওঁ প্ৰদান কৰিছিল ২০১৯ চনৰ ১২ ডিচেম্বৰত নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয় সমীপত।

চাৰ্জিলৰ ভাষণৰ পাছতে ১৫ ডিচেম্বৰত দিল্লীৰ জামিয়া নগৰ উত্তপ্ত হৈ পৰিছিল। উক্ত দিনা ৩ হেজাৰৰো অধিক লোকে আৰক্ষীৰ ওপৰত জপিয়াই পৰে। কা-এনআৰচি বিৰোধী আন্দোলনৰ অংশ এই হিংসাত্মক ঘটনাৰ উদগনি চাৰ্জিল ইমামৰ ভাষণটোৱেই দিছিল বুলি অভিযোগ উঠিছিল।

তেওঁৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰা হৈছিল। দিল্লী আৰক্ষীয়ে কৈছিল যে উক্ত বক্তব্যটোৱে এটা বিশেষ সম্প্ৰদায়ক উচটনি আৰু কা-এনআৰচিৰ নামত ভীতিপ্ৰদৰ্শন কৰা হৈছে।

তাৰপাছতে ২০২০ চনৰ ২৮ জানুৱাৰীত চাৰ্জিলক বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাষ্ট্ৰদ্ৰোহৰ উপৰিও বৰ্তমানলৈকে চাৰ্জিলৰ ওপৰত অসম, উত্তৰপ্ৰদেশ, দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত বহুকেইটা গোচৰ ৰুজু হৈ আছে।

বৰ্তমান গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবাস খাটি আছে চাৰ্জিল ইমামে।

Recent News

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd