জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী মহিলা উপাচাৰ্য নিযুক্ত

JNU new vice chancellor

দেশৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত আজি প্ৰথমবাৰৰ বাবে নিযুক্তি দিয়া হৈছে এগৰাকী মহিলা উপাচাৰ্য।

আজি শিক্ষা মন্ত্ৰালয়ে শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতক শিক্ষা প্ৰতিষ্ঠানটোৰ শীৰ্ষ পদত নিযুক্তি দিয়ে।

শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিত বৰ্তমান মহাৰাষ্ট্ৰৰ সাবিত্ৰীবাই ফুলে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কৰ্মৰত।

৫৯ বৰ্ষীয় পণ্ডিত জেএনইউৰ এগৰাকী প্ৰাক্তন ছাত্ৰী। তেওঁ জেএনইউ এমফিলৰ লগতে ‘আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক’ বিষয়ত পিএইচডি কৰিছিল।

“বিশ্ববিদ্যালয়লৈ অহা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতক জেএনইউৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াত অনুমোদন জনাইছে। তেওঁৰ নিযুক্তি পাঁচ বছৰৰ বাবে হ’ব।” শিক্ষা মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই কয়।

উল্লেখ্য যে পণ্ডিতে ১৯৮৮ চনত গোৱা বিশ্ববিদ্যালয়ৰ পৰা শিক্ষকতা জীৱন আৰম্ভ কৰিছিল আৰু ১৯৯৩ চনত পুনে বিশ্ববিদ্যালয়ত যোগ দিছিল।

তেওঁ বিভিন্ন শৈক্ষিক সংস্থাত প্ৰশাসনিক পদত অধিষ্ঠিত হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি), ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা পৰিষদ (আইচিএছএছআৰ)ৰ সদস্য আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয় সমূহলৈ ভিজিটৰ মনোনীত ব্যক্তিও আছিল।

তেওঁ নিজৰ সাফল্যমণ্ডিত কেৰিয়াৰত ২৯ গৰাকীৰ পিএইচডি নিৰ্দেশক হিচাপে দায়িত্ব পালন কৰিছে।

স্মৰ্তব্য যে যোৱা বৰ্ষত জেএনইউত কাৰ্যকৰী উপাচাৰ্যৰ দায়িত্বত থকা এম জগদেশ কুমাৰৰ পাঁচ বছৰীয়া কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত যোৱা সপ্তাহত ইউজিচিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল।