পুনৰ বিতৰ্কৰ আৱৰ্তত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়। ১০ আগষ্টত বিশ্ববিদ্যালয়খনৰ চৌহদত অনুষ্ঠিত হ’বলগীয়া প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান কাৰাবন্দী কৰ্মী উমৰ খালিদৰ ‘ফ্ৰেকচাৰ্ড কমিউনিটিজ: আদিবাসী হিষ্ট্ৰীজ এণ্ড দ্য পলিটিক্স অৱ পাৱাৰ’ শীৰ্ষক গ্ৰন্থখনৰ আলোচনা অনুষ্ঠানৰ বাবে বুকিং কৰা এছ এছ এছ-১ প্ৰেক্ষাগৃহখন কৰ্তৃপক্ষই হঠাতে বাতিল কৰিছে। অনুষ্ঠানটোৰ বিষয়ে ‘সম্পূৰ্ণ তথ্য প্ৰকাশ নকৰাৰ’ অভিযোগ তুলি জে এন ইউ প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সদৰী কৰিছে। আন্তঃৰাষ্ট্ৰীয় আদিবাসী দিৱস উপলক্ষে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাই এই অনুষ্ঠানটো আয়োজন কৰিছিল।
প্ৰকাশিত তথ্য অনুসৰি, ১০ আগষ্টৰ বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বিশ্ববিদ্যালয়খনৰ এছ এছ এছ-১ প্ৰেক্ষাগৃহত এই অনুষ্ঠানটো অনুষ্ঠিত হোৱাৰ কথা আছিল। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অধ্যাপক প্ৰভু মহাপাত্ৰ, অধ্যাপক উমা চক্ৰৱৰ্তী, শুদ্ধব্ৰত সেনগুপ্ত, হৰ্ষ মন্দৰ আৰু বনজ্যোৎস্না লাহিড়ী উপস্থিত থকাৰ কথা আছিল। জে এন ইউৰ চেণ্টাৰ ফৰ ইনফৰমেল ছেক্টৰ এণ্ড লেবাৰ ষ্টাডিজৰ অধ্যাপক অবিনাশ কুমাৰে এই বুকিংৰ বাবে অনুৰোধ দাখিল কৰিছিল। উল্লেখ্য যে উমৰ খালিদ বিশ্ববিদ্যালয়খনৰেই প্ৰাক্তন ছাত্ৰ, যিয়ে ২০২০ চনৰ পৰা দিল্লী দাংগাৰ ষড়যন্ত্ৰ গোচৰত ইউএপিএ আইনৰ অধীনত বিচাৰ অবিহনে কাৰাবন্দী হৈ আছে।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে যে, “১০ আগষ্টত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোৰ বিষয়ে সকলো তথ্য মুকলিকৈ প্ৰকাশ নকৰাৰ বাবে এছ এছ এছ-১ প্ৰেক্ষাগৃহৰ বুকিং বাতিল কৰা হৈছে।” জে এন ইউৰ যুটীয়া ৰেজিষ্ট্ৰাৰ এম কে পাচৌৰীয়ে জাৰি কৰা আৰু ডীনৰ অনুমোদন থকা এই বিবৃতিত কৰ্তৃপক্ষই লগতে কয়, “জে এন ইউ এখন গণতান্ত্ৰিক আৰু বিকেন্দ্ৰীকৃত প্ৰতিষ্ঠান। এছ এছ এছৰ ডীনৰ তৰফৰ পৰা এই অনুমতি দিয়া হৈছিল আৰু এতিয়া তেওঁ নিজেই অনুষ্ঠানটো বাতিল কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।”
ইপিনে, জে এন ইউ ছাত্ৰ সংসদে স্পষ্ট কৰি দিছে যে অনুষ্ঠানটো সম্পূৰ্ণৰূপে বাতিল হোৱা নাই, কেৱল প্ৰেক্ষাগৃহৰ বুকিংহে বাতিল কৰা হৈছে। সংসদৰ সাধাৰণ সম্পাদকে কয়, “খালিদে লিখা কিতাপখনৰ ওপৰত আলোচনা অনুষ্ঠান এতিয়াও চলি থাকিব। ইয়াক স্কুল অৱ ছ’চিয়েল ছায়েন্সৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু সেই স্থান বাতিল কৰা হৈছে। অনুষ্ঠানটো এতিয়া আন এটা স্থানত অনুষ্ঠিত হ’ব।” উল্লেখযোগ্য যে, জাগাৰনট বুকছৰ পৰা চলিত বৰ্ষৰ জুন মাহত প্ৰকাশিত এই গ্ৰন্থখন খালিদৰ জে এন ইউত কৰা ৰচিত, য’ত ব্ৰিটিছ ঔপনিৱেশিক শাসনকালত ছিংহভূম অঞ্চলৰ আদিবাসী সম্প্ৰদায়ৰ ইতিহাস আলোচনা কৰা হৈছে।
উল্লেখযোগ্য যে, জাগাৰনট বুকছে চলিত বৰ্ষৰ জুন মাহত প্ৰকাশিত এই গ্ৰন্থখন খালিদে জে এন ইউত কৰা পিএইচডি ডিগ্ৰীৰ গৱেষণাৰ ভিত্তিত ৰচনা কৰিছে। গ্ৰন্থখনত ব্ৰিটিছ ঔপনিৱেশিক শাসনকালত ঝাৰখণ্ডৰ সিংভূম অঞ্চলৰ আদিবাসী সম্প্ৰদায়ৰ ইতিহাস আৰু ক্ষমতাৰ ৰাজনীতিৰ বিষয়ে আলোচনা কৰা হৈছে।
বিশ্ববিদ্যালয়খনৰ ৱেবছাইটত উল্লেখ কৰা অনুসৰি, জে এন ইউ ভাৰতৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয় আৰু শিক্ষাদান তথা গৱেষণাৰ ক্ষেত্ৰত বিশ্ববিখ্যাত। ৱেবছাইটটোত কোৱা হৈছে, “ভাৰতৰ এক উৎকৃষ্ট প্ৰতিষ্ঠান হিচাপে জে এন ইউ-এ এক উন্নত আৰু সংহত পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিব বিচাৰে, য’ত সম্পদ, উদ্ভাৱনীমূলক চিন্তা আৰু নিখুঁত পৰিকল্পনাৰ এক ব্যতিক্ৰমী সংমিশ্ৰণ ঘটিব, যাৰ ফলত ই বিশ্বমানৰ প্ৰতিষ্ঠানসমূহৰ শাৰীত নিজৰ স্থান সুৰক্ষিত কৰিব পাৰিব।”





