NORTHEAST NOW (Assamese)

৪৮বছৰ পূৰ্বে চাকৰিৰ বাবে আবেদন কৰিছিল ষ্টিভ জবছে; নীলামত উঠিল সেই আবেদন পত্ৰ!

February 20, 2021 11:58 am · এন ই নাও নিউজ
ষ্টিভ জবছ।

আজি ষ্টিভ জবছৰ পৰিচয় বিশ্ববাসীৰ আগত দাঙি ধৰাৰ প্ৰয়োজন নাই। বিশ্বৰ অলেখ ছাত্ৰ, উদ্যোগপতিকে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ অনুপ্ৰেৰণা ষ্টিভ। তেওঁৰ দৰে হোৱাৰ সপোন দেখে বহুতেই।

সেই ষ্টিভ জবছৰে এক স্মৃতি এইবাৰ সজীৱ হৈ ৰাজহুৱাভাৱে ধৰা দিছে। ই ষ্টিভৰ সেই সপোন দেখা বয়সৰ সময়ৰ স্মৃতি কঢ়িয়াই আনিছে।

সকলোকে আচৰিত কৰি তোলা এই ঘটনাটি হৈছে এইবাৰ চাকৰিৰ বাবে কৰা ষ্টিভ জবছৰ আবেদন পত্ৰৰ নীলাম হ’ব।

১৯৭৩চনত চাকৰি বিচাৰি নিজ হাতে আবেদন পূৰণ কৰিছিল এপ’লৰ সহ প্ৰতিষ্ঠাপক গৰাকীয়ে।

তিনিবছৰ পূৰ্বে ২০১৮ চনতো ১,৭৫,০০০ডলাৰ মূল্যত এই আবেদন পত্ৰ নীলামত উঠিছিল। সম্প্ৰতি লণ্ডনৰ চাৰ্টাৰফিল্ড অক্টিন ৱেবছাইটত নীলামত উঠিছে আবেদন পত্ৰখন। অহা ২৪ ফেব্ৰুৱাৰিত অনলাইনত এই নীলামৰ আয়োজন কৰা হৈছে। ইয়াৰ প্ৰথম নীলাম মূল্য ধৰা হৈছে ২০,৯৫০ মাৰ্কিন ডলাৰ।

ষ্টিভ জবছৰ সেই এক পতীয়া আবেদন পত্ৰত অৱশ্যে কি চাকৰিৰ পদৰ কথা উল্লেখ নাই। কি পদৰ বাবে তেওঁ আবেদন কৰিছিল সেয়া ষ্টিভে লিখা নাই। তদুপৰি, কোন সংস্থাৰ বাবে সেই আবেদন পত্ৰ লিখিছিল সেয়াও তাত উল্লেখ নাই।

আবেদন পত্ৰ অনুসৰি ৰীডছ কলেজৰ ইংৰাজী আহিত্যৰ ছাত্ৰ আছিল ষ্টিভ জবছ। দক্ষতাৰ কলমত লিখা আছিল কম্পিউটাৰ আৰু কেলকুলেটৰ। তাৰ তলত বন্ধনীৰ ভিতৰত লিখা আছিল ডিজাইন আৰু টেকন’লজি।

ষ্টিভ জবছৰ চাকৰি বিচাৰি কৰা আবেদন পত্ৰ।

সেইদৰে বিশেষ দক্ষতাৰ স্থানত লিখা আছিল ইলেকট্ৰিক টেক বা ডিজাইন ইঞ্জিনিয়াৰ-ডিজিটেল।

আবেন পত্ৰখনত বহুকেইটা অপশ্যন আছিল। তাত লিখা আছিল আপুনি ফোন ব্যৱহাৰ কৰেনে? বিশ্বৰ অন্যতম বিশাল ব্যৱসায়িক মহানায়কজনৰ উত্তৰ আছিল-নাই। এক্সেছ টু ট্ৰেন্সপৰ্টেশ্যন অপশ্যনত লিখিছিল ‘পশ্যিবল বাট নট প্ৰবে’বল’।

সূত্ৰসমূহৰ মতে ৪৮ বছৰ পূৰ্বে পোৰ্টলেণ্ডৰ অ’ৰিগনৰ ৰীডছ কলেজৰ পৰা ড্ৰপ আউট কৰাৰ সময়তে ষ্টিভ জবছে চাকৰি বিচাৰি আবেদন কৰিছিল।

১৯৭৬ চনত এপ’লৰ যাত্ৰা আৰম্ভ কৰাৰ পাছত বাকী এতিয়া এক ইতিহাস।

Related News