এম্বুলেন্স নাই! জাৱৰ কঢ়িওৱা বাহনত মৃতদেহ কঢ়িয়াই বিতৰ্কত আৰক্ষী

police taking dead body on a garbage van

সময়ে সময়ে মানুহৰ কিছুমান অবিবেচকী কাণ্ডই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ লগতে তীব্ৰ চাঞ্চল্যৰো সৃষ্টি কৰে। এনে অবিবেচকী কাণ্ডৰ কৰ্তা যদি আৰক্ষী হয়, তেতিয়া ই অধিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। শেহতীয়াকৈ ৰাজস্থান আৰক্ষীৰ এনে এক কাণ্ডই লগাইছে তোলপাৰ।

এজন লোকৰ মৃতদেহ চিকিৎসালয়লৈ নিয়াৰ বাবে এম্বুলেন্সৰ পৰিৱৰ্তে আৱৰ্জনা কঢ়িওৱা বাহনত ব্যৱহাৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজস্থান আৰক্ষীয়ে। ৰাজ্যখনৰ যোধপুৰত এই ঘটনা সংঘটিত হৈছে।

আৰক্ষীৰ এই আচৰিত কৰ্মকাণ্ডৰ এটা ভিডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পিছতে ৰাজস্থান ৰাজ্যিক মানৱ অধিকাৰ আয়োগে স্বতন্ত্ৰ পদক্ষেপ লয়। লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়েও তদন্তৰ নিৰ্দেশ দিয়ে।

আনহাতে জাৱৰ কঢ়িওৱা বাহনখনত আৰক্ষীয়ে চিকিৎসালয়লৈ কঢ়িয়াই নিয়া মৃত ব্যক্তিজনক বিলাৰাৰ দেৱেন্দ্ৰ প্ৰজাপত বুলি চিনাক্ত কৰা হৈছে।

প্ৰজাপতে মঙলবাৰে নিশা বৰকাতুল্লা ষ্টেডিয়ামৰ ওচৰতে ৰখাই থোৱা এখন চিটি বাছৰ তলত শুইছিল। কিন্তু বুধবাৰে পুৱা এজন অজ্ঞাত চালকে তেওঁৰ ওপৰেৰে গাড়ী চলাই নিয়াৰ ফলত ঘটনাস্থলীতে প্ৰজাপতৰ মৃত্যু হয়।

স্থানীয় লোকে ঘটনাৰ কিছু সময় পিছতে মৃতদেহটো দেখা পাই লগে লগে আৰক্ষীক খবৰ দিয়ে। খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও এম্বুলেন্সৰ পৰিৱৰ্তে ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহ কৰি থকা এখন আৱৰ্জনা কঢ়িওৱা বাহনতে মৃতদেহটো চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে।

ঘটনাস্থলীত সমবেত কিছু লোকে আৰক্ষীৰ এই কাণ্ড মোবাইল যোগে ভিডিঅ’ বনায় আৰু সামাজিক মাধ্যমত আপলোড কৰে।

আনহাতে আৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ উঠাৰ পিছতে প্ৰথমতে আৰক্ষীয়ে এই অভিযোগ অস্বীকাৰ কৰিছিল। কিন্তু পিছত ঘটনাটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত পোহৰলৈ অহাৰ পিছতে ইয়াৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়ে।