• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লৰ্ডছত প্ৰথম দিনা ৪ উইকেটত ২৫১ৰান ইংলেণ্ডৰ; ক্ৰীজত ৯৯ ৰানত ৰুট! বুমৰাহৰ চিকাৰ ব্ৰুক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2025 7:34 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হেডিংলেত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত ইংলেণ্ডে জয়লাভ কৰে। এজবাষ্টনত জয়ী হয় ভাৰত। ফলত টেষ্ট শৃংখলাটোত দুয়োখন দেশৰ স্থিতি এতিয়ালৈকে ১-১। টছত জয়লাভ কৰি বৃহস্পতিবাৰে লৰ্ডছত অনুষ্ঠিত তৃতীয়খন টেষ্টত বেটিং কৰিবলৈ সিদ্ধান্ত লয় বেন ষ্ট’কছৰ ইংলেণ্ডে।

ইফালে ক্ৰিকেট অনুৰাগীসকলে এই টেষ্টত ‘বুমৰাহৰ যাদু’ চাবলৈ অপেক্ষা কৰি আছিল। এজবাষ্টন টেষ্টত বহু লোকে এই ভাৰতীয় স্পীডষ্টাৰগৰাকীক ‘মিছ’ কৰিছিল। সেই ক্ষেত্ৰত মেচৰ আৰম্ভণিতে উইকেটৰ দিশৰ পৰা বুমৰাহৰ চমক দেখা নগ’ল যদিও দিনটো আগবাঢ়ি যোৱাৰ লগে লগে লৰ্ডছত প্ৰথমটো উইকেট দখল কৰিবলৈ তেওঁক ১৬ অভাৰ সময় লাগিল।

Apply Now

লৰ্ডছ মেচৰ প্ৰথম দিনটোৰ শেষত ইংলেণ্ডৰ স্ক’ৰ- ৪ উইকেটত ২৫১ ৰান। দিনটোৰ শেষত পন্তৰ আঘাতে নিঃসন্দেহে ভাৰতীয় শিবিৰক চিন্তিত কৰি তুলিছে। শেহতীয়া খবৰ অনুসৰি পন্তৰ আঘাতৰ চিকিৎসা চলি আছে।

দিনটোৰ শেষত ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছে ৩৯ ৰাণত, ৰুটে ৯৯ ৰানত অপৰাজিত হৈ আছে। নীতিশ ৰেড্ডীয়ে ৪৬ ৰানত ২ টা উইকেট দখল কৰি চকু কপালত তুলিলে। যশপ্ৰীত বুমৰাহে ৩৫ ৰানত ১ টা উইকেট দখল কৰে। জাডেজাই লাভ কৰে এটা উইকেট। এজবাষ্টনৰ মেচখনৰ নায়ক আকাশদ্বীপে প্ৰথম দিনটোৰ শেষত ৭৫ ৰানত এটাও উইকেট ল’ব নোৱাৰিলে।

লৰ্ডছ মেচত এটা উইকেট দখল কৰিও তেওঁৰ বলত আঙুলিত আঘাত পাই উইকেটৰক্ষক ঋষভ পন্তে খেলপথাৰ এৰিব লগা হয়। উল্লেখ্য যে তাৰ পূৰ্বে পন্তে নীতিশ ৰেড্ডীৰ বলত ইংলেণ্ডৰ দুই অ’পেনাৰ ক্ৰ’লি আৰু ডাকেটৰ কেচ ধৰি আউট কৰে।

ইংলেণ্ডে মাত্ৰ ৪৪ ৰানত প্ৰথম বেটছমেন দুজনক হেৰুৱায়। কিন্তু তাৰপিছৰে পৰাই ৰুট আৰু পোপে খেলখন ধৰি ৰাখে। তেওঁলোকে পাৰ্টনাৰশ্বিপ গঢ়ি তোলে।

আঙুলিৰ গুৰুতৰ আঘাতৰ বাবে (ভাৰতীয় সময় অনুসৰি নিশা ১১ বজাত) খেলপথাৰলৈ উভতি অহা নাই পন্ত। অৱশ্যে তেওঁৰ সলনি উইকেটৰক্ষক জুৰেলে ৰবীন্দ্ৰ জাডেজাৰ বলত অলি পোপৰ কেচ ধৰে। অৱশ্যে পাৰ্টনাৰশ্বিপ ভংগ হোৱাৰ পিছতো ৰুটে ভাল খেলি আছে।

মেচৰ আৰম্ভণিতে ইংলেণ্ডৰ অ’পেনাৰগৰাকী আউট হৈছিল যদিও ৰুট আৰু পোপৰ পাৰ্টনাৰশ্বিপে শতকৰ সীমা অতিক্ৰম কৰিছিল। দুয়োজনে চাহ বিৰতিলৈকে খেলিছিল। ফলত ভাৰতৰ বাবে উইকেট পোৱাটো কঠিন হৈ পৰে। কিন্তু চাহ বিৰতিৰ পিছত জাদেজাই প্ৰথম বলটোৰে আঘাত হানে। ৪৪ ৰানৰ অন্তত পোপে পেভলিয়নলৈ উভতিছিল।

অৱশ্যে এজবাষ্টনত ৰুটে ভাল ৰান নাপালেও এই মেচখনত এতিয়ালৈকে তেওঁ বৰ্তি আছে। কেৱল সেয়াই নহয়, পাৰ্টনাৰশ্বিপ ভংগ হোৱাৰ পিছত পুনৰ নতুন পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছে ৰুটে। ষ্ট’কছ খেলপথাৰলৈ অহাৰ পিছত ইতিমধ্যে ৰুটে তেওঁৰ সৈতে অৰ্ধশতকৰ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছে। দিনটোৰ শেষত ৰুট ৯৯ ৰানত নট আউট হৈ আছে।

লৰ্ডছত তৃতীয়খন টেষ্টত ভাল ৰান কৰিব নোৱাৰিলে ব্ৰুক। ২০টা বলত ১১ ৰান সংগ্ৰহ কৰি বুমৰাহৰ চিকাৰ হয় বেটাৰগৰাকী। ভিতৰলৈ সোমাই অহা বলত ক্লীন বোল্ড হৈ পেভলিয়নলৈ ওভতে ব্ৰুক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd