• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যসভাৰ প্ৰাৰ্থিত্বক লৈ বিজেপিত বিদ্ৰোহৰ সুৰ: যোগেন মহনৰ বাসগৃহৰ সন্মুখত হাজাৰ হাজাৰ কৰ্মীৰ প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2026 12:38 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে কেবিনেট মন্ত্ৰী যোগেন মহনৰ নাম ঘোষণা কৰাৰ পাছতেই চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মঙলবাৰে নিশা মন্ত্ৰীগৰাকীৰ মৰাণস্থিত বাসগৃহৰ সন্মুখত সমবেত হৈ সহস্ৰাধিক দলীয় কৰ্মী আৰু সমৰ্থকে এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে। সাংসদৰ পৰিৱৰ্তে যোগেন মহনক পুনৰ মাহমৰাৰ বিধায়ক হিচাপে বিচৰা এই ক্ষুব্ধ সমৰ্থকসকলে মুখ্যমন্ত্ৰী তথা বিজেপিৰ ৰাজ্যিক নেতৃত্বক ৰাজ্যসভাৰ প্ৰাৰ্থিত্বৰ সিদ্ধান্ত তৎকালীনভাৱে বাতিল কৰিবলৈ দাবী জনাইছে।

মঙলবাৰে কেন্দ্ৰীয় বিজেপিয়ে অসমৰ তিনিখন ৰাজ্যসভা আসনৰ ভিতৰত দুখনৰ বাবে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা আৰু মাহমৰাৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। কিন্তু সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টিটোত সাংগঠনিক কাম-কাজত ব্যস্ত থকা মন্ত্ৰীগৰাকীক তেওঁৰ ইচ্ছাপত্ৰৰ বিৰুদ্ধে ৰাজ্যসভাৰ টিকট প্ৰদান কৰাত দলীয় কৰ্মীসকল ক্ষোভিত হৈ পৰে।

Apply Now

প্ৰতিবাদকাৰী বিজেপি কৰ্মীসকলে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে যোগেন মহনক কেৱল মাহমৰাৰ বিধায়ক হিচাপেহে বিচাৰে। ক্ষোভিত সমৰ্থকসকলে সংবাদ মাধ্যমৰ আগত কয়, “যোগেন মহন আমাৰ অভিভাৱক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই আহি ঘোষণা কৰিছিল যে যোগেন মহন মাহমৰা সমষ্টিৰ বিধায়ক হ’ব। কিন্তু এতিয়া কিয় এই সিদ্ধান্ত ল’লে? মুখ্যমন্ত্ৰীয়ে নিজেই মহিলাসকলৰ আগত কোৱা কথা ৰাখিব লাগে।” এই দাবীৰে মঙলবাৰে নিশা প্ৰতিবাদকাৰীসকলে মন্ত্ৰীগৰাকীৰ বাসগৃহৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

মন কৰিবলগীয়া যে মঙলবাৰে পুৱাৰ ভাগত মন্ত্ৰী যোগেন মহনে নিজেই সংবাদ মাধ্যমৰ আগত ৰাজ্যসভাৰ প্ৰাৰ্থী হোৱাৰ ক্ষেত্ৰত নিজৰ অনিচ্ছা প্ৰকাশ কৰিছিল। তেওঁ কৈছিল, “সদ্যহতে মই ৰাজ্যসভাৰ বাবে আগ্ৰহী নহয়। সমষ্টিবাসী ৰাইজৰ লগতে থকাটোক মই বেছি গুৰুত্ব দিছোঁ। মই হাইকমাণ্ডকো জনাইছোঁ যে সমষ্টিত ৰাইজৰ বহু কাম কৰিবলৈ বাকী আছে। দলে য’ত বহুৱাই সেইটো দলৰ কথা, কিন্তু মই সমষ্টিত কাম কৰি ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈহে বিচাৰোঁ।” পিছে বিয়লি প্ৰাৰ্থিত্ব ঘোষণাৰ পাছৰে পৰা তেওঁ সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আছে।

উল্লেখ্য যে, আহোম জনগোষ্ঠীৰ এক প্ৰভাৱশালী নেতা হিচাপে পৰিচিত যোগেন মহনে ২০১৬ আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ধাৰাবাহিকভাৱে কংগ্ৰেছ প্ৰাৰ্থীক পৰাজিত কৰি মাহমৰাৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনৰে পৰা বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰলৈকে তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব সফলতাৰে পালন কৰি আহিছে। এতিয়া ৰাজ্যসভাৰ প্ৰাৰ্থিত্বক লৈ সৃষ্টি হোৱা এই অসন্তুষ্টিয়ে আগন্তুক নিৰ্বাচনৰ পূৰ্বে শাসকীয় দলটোৰ ভিতৰচৰাত এক অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

July 31, 2026 9:59 pm
প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

July 31, 2026 9:45 pm
বদ্ৰীনাথ মন্দিৰত দানৰ ধন চুৰি : অপৰাধ স্বীকাৰ কৰিলে মূল অভিযুক্তই, ঘৰৰ পৰা উদ্ধাৰ ৰূপৰ মূৰ্তি আৰু নেপালী নোট

বদ্ৰীনাথ মন্দিৰত দানৰ ধন চুৰি : অপৰাধ স্বীকাৰ কৰিলে মূল অভিযুক্তই, ঘৰৰ পৰা উদ্ধাৰ ৰূপৰ মূৰ্তি আৰু নেপালী নোট

July 31, 2026 9:36 pm
জামিন পোৱাৰ পিছদিনাই ভূমি অধিকাৰকৰ্মী প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি দিলে চৰকাৰে

জামিন পোৱাৰ পিছদিনাই ভূমি অধিকাৰকৰ্মী প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি দিলে চৰকাৰে

July 31, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

July 31, 2026 9:59 pm
প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

July 31, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd