প্ৰথম ট্ৰায়েলতে সাফল্য: জনছন এণ্ড জনছনৰ কৰ’নাৰ ভেকচিনে জগাইছে আশা

WhatsApp Image 2020-09-27 at 11.06.17 AM

প্ৰতিনিধিত্বমূলক ফটো।

কৰ’না ভেকচিনৰ প্ৰথম ট্ৰায়েলতে ভাল সঁহাৰি লাভ কৰিছে জনছন এণ্ড জনছনৰ কৰ’না ভেকচিনে।

বাতৰি অনুসৰি, এই ভেকচিনৰ প্ৰথম ট্ৰায়েলৰ পৰ্যায়তে শক্তিশালী প্ৰতিৰোধ ক্ষমতাৰ (ইমিউন) সঁহাৰি পোৱা গৈছে। কোম্পানীটোৰ ভেকচিনৰ ছিংগল ড’জতেই সাফল্য পোৱা বুলি কোৱা হৈছে।

শুকুৰবাৰে সংস্থাটোৱে এক প্ৰতিবেদন প্ৰকাশ কৰিছে আৰু তাতা এই সাফল্যৰ কথা সদৰী কৰিছে।  জনছন এণ্ড জনছনৰ ভেকচিনটোৰ নাম হৈছে Ad26.COV2.S।

ভেকচিনটো দুটা ভিন্ন ড’জ দি প্ৰস্তুত কৰা হৈছে আৰু প্ৰথমতে ছিংগল ড’জৰ পৰীক্ষাতে ভাল ফল লাভ কৰাৰ কথা সদৰী কৰিছেজনছন এণ্ড জনছনে।

বাতৰি অনুসৰি এই ট্ৰায়েলত ১,০০০ গৰাকী স্বেচ্ছাসেৱকে অংশ লৈছিল। যোৱা জুলাই মাহৰ পৰা জনছন এণ্ড জনছনৰ ভেকচিনটোৰ ট্ৰায়েল চলি আছে।

প্ৰাথমিকভাৱে বান্দৰৰ ওপৰত ভেকচিনটোৰ ট্ৰায়েল চলোৱা হৈছিল আৰু তাত সফলতা পোৱা গৈছিল।

চলিত বছৰৰ অন্তিম ভাগত ভেকচিনটোৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ কৰিব। সংস্থাটোৱে ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ সৈতে দ্ৰুতভাৱে পৰ্যাপ্ত উৎপাদন সম্পৰ্কত চুক্তি স্বাক্ষৰ কৰিছে।

জনছন এণ্ড জনছনৰ এই ভেকচিন ১৮ৰ পৰা ৫৫বছৰৰ ওচৰৰ ৬৫বছৰ বা তাতকৈ অধিক বয়সৰ এনেকুৱা ১০৪৫জন লোকৰ ওপৰত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰি চোৱা হৈছে।

জনছন এণ্ড জনছনৰ ভেকচিনৰ পৰীক্ষা প্ৰধানকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বেলজিয়ামত সম্পন্ন কৰা হৈছে।

জনছন এণ্ড জনছনে জানিবলৈ দিয়া মতে, স্বেচ্ছাসেৱকসকলৰ ভিতৰত ৬৫বছৰৰ উৰ্দ্ধৰ ব্যক্তিৰ মাজত ৩৬শতাংশৰ ক্লান্তি আৰু মাংসপেশীত বিষ অনুভৱ হোৱাৰ বিপৰীতে বাকী ৬৪ শতাংশ কম বয়সস্থ সকলৰ মাজত তেনে সমস্যা দেখা দিয়া নাই।